ভাৰতৰ মালবিকা বন্স’ড়ে টেক্সাছত অনুষ্ঠিত ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বিশ্বৰ ৪৯ নম্বৰ স্থানৰ মালবিকাই কালি কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ২২ নম্বৰ স্থানৰ খেলুৱৈ তথা কমনৱেলথ গেমছত দুবাৰকৈ পদক বিজয়ী স্কটলেণ্ডৰ কিৰ্ত্তি গিল্মৰক ১০-২১, ২১-১৫, ২১- ১০ গেমত পৰাস্ত কৰে। ছেমি ফাইনেলত মালবিকা জাপানৰ নাচুকী নিদ্ৰাইবাৰ সন্মুখীন হ’ব। ভাৰতৰ আন এগৰাকী খেলুৱৈ প্রিয়াংশু বাজাৱৰ্ট পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনৰ লেই লেন শ্বিৰ হাতত ২১-১৫, ১১-২১, ১৮-২১ গেমত পৰাভূত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। ত্রিষা জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটোও জাপানৰ য়ুনাকাট’ আৰু ৰুই হিৰোকামীৰ হাতত পৰাজিত হৈছে।
Site Admin | June 30, 2024 11:52 AM | US Open
ভাৰতৰ মালবিকা বন্স’ড়ে ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ
