ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰে অলিম্পিকত আজি তৃতীয়টো পদক লাভৰ লক্ষ্যৰে পুনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব

চলিত পেৰিছ অলিম্পিকত ইতিমধ্যে দুটা পদক জয় কৰি ইতিহাস গঢ়া ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰে আজি তৃতীয়টো পদক লাভৰ লক্ষ্যৰে পুনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত আজি দিনৰ ১২.৩০ বজাত মনু আৰু ভাৰতৰ আন এগৰাকী শ্বুটাৰ ঈশা সিং অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, পেৰিছ অলিম্পিকত দেশক প্ৰথমটো পদক দিয়া মনুই ইতিমধ্যে ১০ মিটাৰ পিষ্টল শাখাত একক আৰু মিক্সড ডাবলছত ব্ৰঞ্জৰ পদক লাভ কৰি এখন অলিম্পিকতে দুটাকৈ পদক জয় কৰা প্ৰথম ভাৰতীয় ক্রীড়াবিদ হোৱাৰ যোগ্যতা অর্জন কৰিছে। ভাৰতে ইতিমধ্যে লাভ কৰা তিনিওটা পদক শ্বুটিঙতে জয় কৰি অলিম্পিকত এবিধ খেলত সর্বাধিক পদক জয়ৰ নতুন অভিলেখো ভাৰতীয় শ্বুটাৰ দলে গঢ়িছে। ইয়াৰ পূৰ্বে ২০১২ৰ লণ্ডন আৰু ২০২০ৰ টকিঅ’ অলিম্পিকত মল্লযুঁজ তথা ২০১২৩ শ্বুটিঙতে ভাৰতে দুটাকৈ পদক লাভ কৰিছিল।
ইফালে, ক্রমাগত দুখন অলিম্পিকত পদক জয় কৰি ভাৰতৰ প্ৰথম মহিলা ক্রীড়াবিদ হোৱাৰ গৌৰৱ অৰ্জন কৰা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু চলিত অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত বিদায় লয়। যোৱানিশা অনুষ্ঠিত খেলত চীনৰ হি বিং জিয়াঅ’ই ২১-১৯ আৰু ২১-১৪ৰ পোনপটীয়া ব্যৱধানত সিন্ধুক পৰাস্ত কৰে। উল্লেখযোগ্য যে, সিন্ধুই ২০১৬ৰ ৰিঅ’ অলিম্পিকত ৰূপ তথা ২০২০ৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। আনহাতে কালিয়েই বেডমিণ্টনৰ পদক প্রত্যাশী ভাৰতীয় পুৰুষ ডাবল যুটী সাত্বিক আৰু ছিৰাগ কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত হয়। এতিয়া বেডমিণ্টনত লক্ষ্য সেনৰ ওপৰতে ভাৰতৰ একমাত্ৰ আশা সজীৱ হৈ আছে৷ ভাৰতৰে এইচ এছ প্ৰণয়ক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা লক্ষ্যই আজি সন্ধিয়া ৬.৩০ বজাত চীনা টাইপেইৰ চু টিয়ান চেনৰ বিৰুদ্ধে খেলিব।
ইফালে, জুডোত আজি ভাৰতৰ হৈ মহিলাৰ ৭৮ কিলোগ্রাম উৰ্ধৰ ওজন শাখাৰ খেলত তুলিকা মানে অংশ ল’ব। প্ৰাৰম্ভিক ৰাউণ্ডৰ খেল দিনৰ ১.৩০ বজাত আৰম্ভ হ’ব আৰু আজিয়েই পদকৰ খেলো অনুষ্ঠিত হ’ব। প্ৰথমবাৰৰ বাবে অলিম্পিক খেলিব লগা তুলিকাই পদকৰ খেললৈ যোগ্যতা অৰ্জনৰ বাবে ৪ খন নক-আউট খেলত জয় লাভ কৰিব লাগিব৷ একেদৰে আৰ্চাৰীতো ভাৰতৰ অংকিতা আৰু ধীৰাজ যুটীয়ে আজি দিনৰ ১.১০ মিনিটত মিক্সড শাখাৰ যোগ্যতা নির্ণায়ক খেলত অংশ ল’ব। এই প্ৰতিযোগিতাৰো পদকৰ খেল আজিয়েই অনুষ্ঠিত হ’ব। আনহাতে ইতিমধ্যেই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় পুৰুষ হকী দলে আজি পুল বি’ৰ খেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব। আবেলি ৪.৪৫ মিনিটত এই খেলখন অনুষ্ঠিত হ’ব। ইফালে, এথলেটিকছত নিশা ৯.৪০ মিনিটত মহিলাৰ ৫ হাজাৰ মিটাৰ দৌৰৰ প্ৰাৰম্ভিক ৰাউণ্ডত ভাৰতৰ পাৰুল চৌধাৰী আৰু অংকিতাই অংশ ল’ব। আনহাতে, নিশা ১১.৪০ মিনিটত তেজিন্দৰ পাল সিঙে পুৰুষৰ শটপুটৰ যোগ্যতা নির্ণায়ক খেলত অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক