ভাৰতৰ বিশ্বব্যাপী গুৰুত্ব বৃদ্ধি পোৱাৰ লগতে প্ৰত্যাহ্বানমূলক সময়ত অর্থপূর্ণ সহযোগিতা প্রদান আৰু বিশ্বৰ মেৰুকৃত শক্তিসমূহক সঠিক দিশ নিৰ্দেশ কৰাৰ অনন্য ক্ষমতা আছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। স্পেইনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উদ্দেশ্যি দিয়া ভাষণত তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ “সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস”ৰ দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে সাম্প্রতিক সময়ত অতি কম সংখ্যক ৰাষ্ট্ৰই ৰাছিয়া আৰু ইউক্রেইন উভয়ৰে সৈতে, নাইবা ইজৰাইল আৰু ইৰান এই দুয়ো দেশৰ সৈতে আলোচনালৈ আহিব পৰা অৱস্থাত আছে। প্রধানমন্ত্রী মোদীয়ে দুয়োটা কাম কৰিবলৈ সমৰ্থ বুলি মন্ত্ৰীগৰাকীয়ে কয়। একেদৰে অতি কম সংখ্যক দেশেই QUAD আৰু BRICS উভয় ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য হব পাৰে আৰু এয়া অনন্য সাফল্য বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে সাম্প্রতিক বিশ্ব বহুধাবিভক্ত হোৱা সত্ত্বেও ভাৰতে সৱকা সাথ,সৱকা বিকাশ, আৰু সবকা বিশ্বাসৰ বাণী বিশ্বত বিলাবলৈ সমৰ্থ হৈছে । ড° জয়শংকৰে ভাৰত-স্পেইনৰ সম্পৰ্কক লৈ আশা প্ৰকাশ কৰি দুয়োখন ৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পর্ক উন্নীত হৈছে বুলি মন্তব্য কৰে।
Site Admin | January 14, 2025 2:18 PM | EAM Dr S Jaishankar