ইতিহাস ৰচি ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা দলে খো খো বিশ্বকাপ ২০২৫ৰ উদ্বোধনী খিতাপ দখল। দুয়োটা দলে ফাইনেলত নেপালক পৰাস্ত কৰে। নতুন দিল্লীৰ ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত বিশ্বকাপ ২০২৫ৰ অন্তিমখন খেলত নেপাল মহিলা দলৰ বিৰুদ্ধে ৭৮-৪০ ব্যৱধানত জয় নিশ্চিত কৰে টিম ইণ্ডিয়াই।
পুৰুষৰ দলটোৱে চুড়ান্ত খেলখনত নেপালৰ বিৰুদ্ধ ৫৪-৩৬ ব্যৱধানত জয় লাভ কৰে।
প্ৰথম টাৰ্ণৰ পৰাই ভাৰতীয় দলটোৱে খেলখনত আধিপত্য বিস্তাৰ কৰিছিল। ভাৰতীয় খেলুৱৈসকলে নিজৰ স্বাভাৱিক, আক্ৰমণাত্মক শৈলী খেল প্ৰদৰ্শন কৰি এটা প্ৰাপ্য জয়ৰ সূচনা কৰি ট্ৰফী ঘৰলৈ লৈ আহিল।
খেলৰ পিছত ভাৰতীয় মহিলা দলৰ প্ৰশিক্ষক সুমিত ভাটিয়াই নেপালৰ প্ৰচেষ্টাক প্ৰশংসা কৰি কয় যে নেপাল মহিলা দলে আমাৰ বিৰুদ্ধে ভাল যুঁজ দিলে, কিন্তু আমাৰ কৌশলে আমাক এই জয় নিশ্চিত কৰাত সহায় কৰিলে।
অধিনায়ক প্ৰিয়ংকা ইংলে এই জয়ৰ কৃতিত্ব খেলুৱৈ আৰু প্ৰশিক্ষক কৰ্মচাৰী উভয়ৰে সামূহিক প্ৰচেষ্টাক বুলি উল্লেখ কৰি কয় যে এই জয় খেলুৱৈ আৰু প্ৰশিক্ষকৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফল।