লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা যোৱা ২০ দিনৰ ভিতৰত সুবিধা প’ৰ্টেলযোগে ৭৩ হাজাৰৰো অধিক আবেদন লাভ কৰা হৈছে বুলি ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰে। উল্লেখযোগ্য যে সুবিধা প’ৰ্টেলৰ জৰিয়তে নির্বাচনী প্ৰচাৰৰ সময়ত সমাৱেশৰ আয়োজন, ৰাজনৈতিক দলৰ অস্থায়ী কাৰ্যালয় মুকলি, ঘৰে ঘৰে প্ৰচাৰ, ভিডিঅ’ ভেন, হেলিকপ্টাৰ, বাহনৰ অনুজ্ঞাপত্ৰ লাভ কৰা আৰু প্ৰচাৰ সামগ্ৰী বিতৰণ কৰাৰ অনুমতি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আয়োগে কয় যে, এই পর্যন্ত লাভ কৰা ৭৩,৩৭৯ আবেদনৰ ভিতৰত ৪৪,৬২৬ খন আবেদন গ্রহণ কৰা হৈছে। আনহাতে, প্ৰায় ১১,২০০ খন আবেদন অগ্রাহ্য কৰা হৈছে আৰু ১০, ৮১৯ খন আবেদন নাকচ কৰা হৈছে। আয়োগে কয় যে, নির্বাচনী ব্যৱস্থাপনাৰ স্বচ্চতা বজাই ৰখাৰ ক্ষেত্ৰত সুবিধা প’ৰ্টেলে সহায়কৰ ভূমিকা পালন কৰিছে। আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি সুবিধা প’ৰ্টেলৰ জৰিয়তে তামিলনাডুৰ পৰা সৰ্বাধিক ২৩ হাজাৰ আবেদন লাভ কৰা হৈছে। এইক্ষেত্ৰত প্ৰায় ১২ হাজাৰ আবেদনৰে পশ্চিমবংগ দ্বিতীয় আৰু প্ৰায় ১০ হাজাৰ আবেদনৰে মধ্য প্ৰদেশ তৃতীয় স্থানত আছে। আয়োগে লগতে প্ৰকাশ কৰা মতে, সুবিধা প’ৰ্টেল স্বতন্ত্ৰ, নিৰপেক্ষ আৰু স্বচ্ছ নিৰ্বাচনৰ গণতান্ত্ৰিক আদর্শ মানি সকলোকে সমান সুযোগ প্ৰদানৰ উদ্দেশ্যে নির্বাচন আয়োগে বিকাশ সাধন কৰা এটা প্ৰযুক্তি। ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰৰ অনুমতিৰ বাবে এই প’ৰ্টেলৰ জৰিয়তে অনলাইন আবেদন তথা অনুৰোধ কৰিব পাৰে। এইক্ষেত্ৰত সকলো পক্ষকে সমান সুযোগ উপলব্ধ কৰোৱাৰ বাবে অফলাইন পদ্ধতিৰেও আবেদন কৰিব পৰা যায় বুলিও আয়োগে প্ৰকাশ কৰে ।
Site Admin | April 7, 2024 6:30 PM | ECI
ভাৰতৰ নিৰ্বাচন আয়োগৰ সুবিধা প’ৰ্টেলযোগে ৭৩ হাজাৰৰো অধিক আবেদন লাভ
