ডাউনলোড
মোবাইল এপ

android apple
signal

January 4, 2025 5:48 PM | Below Poverty

printer

ভাৰতৰ গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস

ভাৰতৰ গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। ২০১১-২০১২ বিত্তীয় বৰ্ষত এই হাৰ আছিল ২৫.৭ শতাংশ। কিন্তু ২০২৩-২০২৪ বিত্তীয় বৰ্ষত এই হাৰ ৪.৮৬ শতাংশলৈ হ্ৰাস পাইছে। ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা বেংকটোৰ গৱেষণাৰ প্ৰতিবেদনত এই তথ্য প্রকাশ কৰা হৈছে। বেংকটোৰ গৱেষণা অনুসৰি বিগত ১২ বছৰত নগৰ অঞ্চলতো দৰিদ্ৰতাৰ হাৰ ১৩.৭ শতাংশৰ পৰা ৪.৯ শতাংশলৈ হ্ৰাস পাইছে। এছ বি আইৰ গৱেষণা অনুসৰি গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ হ্ৰাস পোৱাৰ মূলতে সামগ্ৰী উপভোগৰ মাত্ৰাৰ বিকাশ শূন্যৰ পৰা ৫ শতাংশলৈ উন্নত হৈছে। লগতে জনসাধাৰণলৈ চৰকাৰৰ উল্লেখযোগ্য সমর্থনৰ বাবেও দৰিদ্ৰতাৰ হাৰ শূন্যৰ পৰা ৫ শতাংশলৈ অৱনমিত হৈছে। এছ বি আইৰ গৱেষণাত গ্রামাঞ্চল আৰু নগৰাঞ্চলৰ লোকৰ মাজত আয়ৰ ব্যৱধান হ্ৰাসৰ অন্যতম কাৰণ হৈছে হিতাধিকাৰীৰ একাউণ্টলৈ প্রত্যক্ষভাৱে ধনৰ স্থানান্তৰ ব্যৱস্থা। উল্লেখযোগ্য যে শেহতীয়াকৈ চৰকাৰে বিভিন্ন আঁচনিৰ ধন হিতাধিকাৰীৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে জমা দিয়াৰ ব্যৱস্থা কৰিছে। তদুপৰি গ্ৰামাঞ্চলত আন্তঃগাঠনি নির্মাণ, কৃষকৰ আয় বৃদ্ধি আদিয়ে গ্ৰামাঞ্চলৰ লোকৰ জীৱন ধাৰণৰ মান উন্নত কৰা বুলি গৱেষণা প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে ।

অধিক পঢ়ক

সকলো চাওক