ভাৰতৰ এক ইষ্ট নীতিয়ে আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে থকা সম্পৰ্কক নতুন গতি আৰু দিশ প্ৰদান কৰিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতৰ এক ইষ্ট নীতিয়ে আছিয়ান ৰাষ্ট্ৰসমূহৰ সৈতে থকা সম্পৰ্কক নতুন গতি আৰু দিশ প্ৰদান কৰিছে। তেওঁ লগতে একবিংশ শতিকা ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ বুলি প্ৰকাশ কৰিছে। লাওৰ ৰাজধানী ৱিয়েটিয়ানত অনুষ্ঠিত ভাৰত আছিয়ান শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু আছিয়ান দেশসমূহ শান্তিপ্ৰিয় ৰাষ্ট্ৰ আৰু তেওঁলোকে পৰস্পৰৰ ৰাষ্ট্ৰীয় অখণ্ডতা আৰু সাৰ্বভৌমত্বক সন্মান কৰে। শ্ৰী মোদীয়ে কয় যে, বিশ্বৰ বিভিন্ন অংশ সংঘৰ্ষ আৰু উত্তেজনাৰ সন্মুখীন হোৱাৰ সময়ত ভাৰত আৰু আছিয়ান ৰাষ্ট্ৰসমূহৰ মাজৰ মিত্ৰতা-সহযোগিতা, আলাপ-আলোচনা আৰু অংশীদাৰিত্ব গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে।
ভাৰত আৰু আছিয়ান দেশসমূহৰ মাজৰ সম্পৰ্কৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত ১০ বছৰত আছিয়ান অঞ্চলৰ সৈতে ভাৰতৰ বাণিজ্য প্রায় দুগুণলৈ বৃদ্ধি পাই ১৩ হাজাৰ কোটি ডলাৰৰো অধিক হৈছে। তেওঁ কয় যে, সাতখন আছিয়ান দেশৰ সৈতে ভাৰতৰ বিমান যোগাযোগ আছে আৰু ব্রুনেইৰ সৈতে শীঘ্ৰেই বিমান সেৱা আৰম্ভ হ’ব। প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতে তিমোৰ-লেষ্টেত নতুন বাণিজ্যিক দূতাবাস মুকলি কৰিছে। ছিংগাপুৰ ভাৰতে বিত্ত প্ৰযুক্তি সংযোগ স্থাপন কৰা আছিয়ান অঞ্চলৰ প্ৰথমখন ৰাষ্ট্ৰ বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী আজি দুপৰীয়া ৱিয়েটিয়ানত উপস্থিত হোৱাৰ সময়ত লাওৰ গৃহমন্ত্ৰী ৱিলায়ৱোঙ বৌদ্দাখমে তেওঁক আদৰণি জনায়। হোটেলত উপস্থিত হোৱাৰ সময়ত দেশখনত বাস কৰা প্ৰবাসী ভাৰতীয়সকলে শ্ৰী মোদীক বিপুলভাবে আদৰণি জনায়। ইয়াৰ পাছত শ্ৰী মোদীয়ে লুৱাং প্ৰবাঙৰ প্ৰতিষ্ঠিত ৰয়েল থিয়েটাৰে পৰিৱেশন কৰা লাও ৰামায়ণ উপভোগ কৰে। লাও ৰামায়ণক ফলক ফলম বা ফ্ৰা-লাক-ফ্ৰা ৰাম বুলিও কোৱা হয়। প্রধানমন্ত্ৰীয়ে লগতে লাওৰ কেন্দ্ৰীয় বৌদ্ধ জলপানি সংগঠনৰ বৌদ্ধ ভিক্ষুখসকলৰ আশীৰ্বাদ সমাৰোহ তো অংশগ্ৰহণ কৰে। লাও ভ্ৰমণৰ আজি প্ৰথম দিনা শ্রী মোদীয়ে আছিয়ান সদস্য ৰাষ্ট্ৰ আৰু সন্মিলনত অংশগ্ৰহণ কৰা দেশসমূহৰ সৈতে দ্বিপাক্ষীক আলোচনাতো মিলিত হয়। তেওঁ এই ভ্ৰমণকালত ৱিয়েটিয়ানত আয়োজিত ঊনবিংশ পূব এছিয়া শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ কথা আছে।

অধিক পঢ়ক

সকলো চাওক