ভাৰতৰ আয়ুষ চেট্টি আৰু সতীশ কুমাৰ কৰুণাকৰণ জাৰ্মানীত অনুষ্ঠিত হাইলো অপেন ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আয়ুষ চেট্টীয়ে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত ফিনলেণ্ডৰ জোকিম অ’ল্ডফ’ৰ্ডক ২১-১২-২১-১৭ গেমত পৰাস্ত কৰাৰ বিপৰীতে সতীশ কৰুণাকৰণে সতীৰ্থ খেলুৱৈ ছিৰাগ সেনক ২২–২০, ২২-২৪, ১৭-২১ গেমত পৰাভূত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। ইয়াৰ পূৰ্বে ভাৰতৰ থাকন মনেপল্লী অষ্ট্ৰিয়াৰ কোলিন্স ভেলেণ্টাইন ফিলিমোনৰ হাতত ১৯-২১, ১৯-২১ গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়। মহিলাৰ ছিংগলত ভাৰতৰ কেয়ুৰা মোপতিও ডেনমাৰ্কৰ অন্না ছিচ ৰায়বৰ্গৰ হাতত ৮-২১, ১২-২১ গেমত পৰাজিত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয়।
Site Admin | October 31, 2024 12:08 PM | Badminton