প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতৰ আত্মনিৰ্ভৰ অভিযানে আশা কৰা ধৰণৰ ফল দিছে আৰু দেশৰ প্ৰতিৰক্ষা ৰপ্তানি ২০২৯-৩০ বৰ্ষৰ ভিতৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান কানপুৰৰ ৬৫ সংখ্যক প্ৰতিষ্ঠা দিৱস সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ লগতে যুৱক-যুৱতীসকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন বাস্তবায়িত কৰাৰ বাবে থলুৱাভাৱে অত্যাধুনিক প্রযুক্তি বিকশাই তুলিবলৈ আহ্বান জনায়। অত্যাধুনিক প্ৰযুক্তিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰীগৰাকীয়ে যুৱ অভিযন্তাসকলক নিজৰ সামৰ্থৰ প্ৰয়োগ কৰি অত্যাধুনিক প্রযুক্তি বিকশাই তুলিবলৈ আৰু দেশৰ প্ৰগতিত অৱদান আগবঢ়াবলৈ আহ্বান জনায়। তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান কানপুৰৰ লেখীয়া প্রতিষ্ঠানসমূহক শৈক্ষিক চালিকা শক্তি বুলি অভিহিত কৰে আৰু এই প্ৰতিষ্ঠানসমূহে বৰ্তমানৰ প্ৰতিযোগিতাৰ বাতাবৰণত দেশৰ প্ৰযুক্তিগত সামৰ্থৰ প্ৰসাৰত অৰিহণা যোগাব পাৰে বুলি মন্তব্য কৰে। চৰকাৰে আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চলোৱা প্ৰচেষ্টা সম্পূর্ণভাৱে সফল হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, ১০ বছৰ পূৰ্বে দেশৰ প্ৰতিৰক্ষা ৰপ্তানি প্ৰায় ৬০০ কোটি টকা আছিল আৰু ২০২৩-২৪ বিত্তিয় বৰ্ষত এই পৰিমাণ ২১ হাজাৰ কোটি টকাৰো অধিক হৈছে। সম্প্রতি বিভিন্ন অঞ্চলত অব্যাহত থকা সংঘৰ্ষৰ বাবে বিশ্বৰ প্ৰতিৰক্ষা ব্যৱস্থাত প্ৰযুক্তিৰ বৰ্ধিত ভূমিকাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ড্রোণ, লেজাৰ যুদ্ধ, ছাইবাৰ যুদ্ধ, প্ৰিছিছন গাইডেড ক্ষেপনাস্ত্র আৰু শব্দতকৈ বেগি ক্ষেপনাস্ত্ৰৰ ব্যৱহাৰে যুদ্ধক প্রযুক্তি আধাৰিত কৰি তুলিছে। তেওঁ লগতে দেশক প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰ কৰি তোলাৰ বাবে ব্যক্তিগত খণ্ড আৰু শিক্ষা খণ্ডকে ধৰি সকলো পক্ষকে একেলগে আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে ।
Site Admin | November 3, 2024 11:17 AM | Rajnath Singh