কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে ভাৰতে ২০৪৭ চনৰ ভিতৰত বন্দৰৰ বহনক্ষমতা বছৰি এক কোটি মেট্রিক টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে। নতুন দিল্লীত কালি অনুষ্ঠিত সাগৰমন্থন – দা গ্রেট অ’চেনছ ডাইলগ শীর্ষক অনুষ্ঠানত ভাষণ দি সোণোৱালে কয় যে ভাৰতে বন্দৰৰ ক্ষমতা বৃদ্ধি, জাহাজৰ চলাচল তথা অন্তর্দেশীয় জলপথ বিকাশৰ বাবে ৮০ লাখ কোটি টকা বিনিয়োগেৰে সামুদ্রিক খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ লক্ষ্য গ্রহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ভাৰতে ভৱিষ্যতে নিকা ইন্ধনেৰে চলা জাহাজ নিৰ্মাণৰ বাবে প্রস্তুতি চলাইছে। ইয়াৰ পাছতে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্রী সোণোৱালে সাগৰমন্থন সন্দৰ্ভত কয় যে এই অনুষ্ঠানে নীল অর্থনীতিৰ জৰিয়তে বহনক্ষম উন্নয়নৰ সন্দৰ্ভত গোলকীয় আলোচনাৰ পথ প্রশস্ত কৰিছে। তেওঁ লগতে কয় যে ৬০ খনতকৈও অধিক দেশৰ প্ৰতিনিধি আৰু বক্তাই এই আলোচনাত অংশগ্রহণ কৰিছে। ভাৰতে বন্দৰ পৰিচালনা, সামগ্ৰী পৰিচালনা, জাহাজ নিৰ্মাণ আৰু আইন সংস্কাৰকে ধৰি সকলো দিশতে বিশ্বৰ আগশাৰীৰ সামুদ্রিক ৰাষ্ট্ৰ হোৱাৰ লক্ষ্য ৰাখিছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই অনুষ্ঠানতে মন্ত্রী সোণোৱালে গ্ৰীচৰ সামুদ্রিক পৰিক্ৰমা মন্ত্ৰী ক্ৰীষ্টছ ষ্টাইলিয়ানাইডছৰ সৈতেও সুকীয়া আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক সাগৰীয় বাণিজ্য দুগুণ কৰিবলৈ সন্মত হোৱাৰ লগতে দুয়োখন দেশৰ সামুদ্রিক সম্পর্ক গভীৰ কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰে।
Site Admin | November 19, 2024 12:05 PM | Sarbananda Sonowal