প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, নিৰন্তৰ সামৰিক আৰু কূটনৈতিক প্ৰচেষ্টাৰ বাবেই ভাৰত আৰু চীন প্রকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষৰীয়া কেতবোৰ অঞ্চলত পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে সহমতত উপনীত হৈছে। তেজপুৰৰ বড়াখানাত কালি নিশা সৈনিকসকলক সম্বোধন কৰি শ্রীসিঙে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, ভাৰতে সদায় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰখাত বিশ্বাস কৰে। চৰকাৰে দেশৰ সেনা বাহিনীৰ স্বাৰ্থৰ কথা বিবেচনা কৰি শান্তি বাহাল কৰাৰ এই প্ৰক্ৰিয়াত আৱশ্যকীয় পদক্ষেপ ল’ব বুলি তেওঁ সজোৰে প্ৰকাশ কৰে । কঠিন পৰিস্থিতিত সীমান্তত সেৱা আগবঢ়াই অহা সৈনিকসকলৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতা অসাধাৰণ ভাৱনা আৰু অসীম সাহসৰ প্ৰশংসা কৰি মন্ত্ৰীগৰাকীয়ে সৈনিকসকলক যুৱ প্ৰজন্মৰ প্ৰকৃত অনুপ্ৰেৰণাৰ উৎস বুলি অভিহিত কৰে। অসীম সাহস আৰু নিষ্ঠাৰে মাতৃভূমিৰ প্ৰতি সেৱা আগবঢ়োৱা সৈনিকসকলৰ প্ৰতি দেশ চিৰ ঋণী হৈ ৰ’ব বুলি তেওঁ উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু সশস্ত্র বাহিনীৰ শক্তিৰ বাবেই গোলকীয় পৰ্যায়ত দেশৰ মৰ্যাদা ক্ৰমাৎ বৃদ্ধি পাইছে। তেওঁ লগতে সৈনিকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু সদা পৰিৱৰ্তনশীল গোলকীয় সুৰক্ষা প্ৰেক্ষাপটৰ বাবে উদ্ভৱ হ’ব পৰা যিকোনো প্ৰত্যাহ্বানৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনায়।
Site Admin | October 31, 2024 11:32 AM | Rajnath Singh