ডাউনলোড
মোবাইল এপ

android apple
signal

April 9, 2024 7:13 PM | India-china

printer

ভাৰতে মুঠ ঘৰুৱা উৎপাদনৰ হাৰৰ দিশৰ পৰা চীনক চেৰ পেলাইছে বুলি ইউৰোপীয় সংসদৰ আগশাৰীৰ বিশেষজ্ঞৰ প্ৰকাশ

ইউৰোপীয় সংসদৰ আগশাৰীৰ বিশেষজ্ঞ এঞ্জেলোছ ডেলীৱৰিয়ছে কৈছে যে, ভাৰতে মুঠ ঘৰুৱা উৎপাদনৰ হাৰৰ দিশৰ পৰা চীনক চেৰ পেলাইছে আৰু ভৱিষ্যতলৈও দেশখনৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ চীনতকৈ অধিক হৈ থাকিব। বিদেশ নীতিৰ ক্ষেত্ৰত বিশেষ দক্ষতা থকা এঞ্জেলোছ ডেলীৱৰিয়ছ ইউৰোপৰ সংসদীয় গৱেষণা ই পি আৰ এছৰ নীতি বিশেষজ্ঞ। ই পি আৰ এছ গোটে ইউৰোপীয় সংসদৰ সদস্যসকলক সৰ্বাত্মক গৱেষণা আৰু বিশ্লেষণাত্মক সহায় আগবঢ়ায়। যোৱা দশকত ভাৰতৰ অৰ্থ ব্যৱস্থাৰ নিৰন্তৰ বৃদ্ধিৰ কথা উল্লেখ কৰি এঞ্জেলোছ ডেলীৱৰিয়ছে কৈছে যে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন চীনতকৈ অধিক হৈছে আৰু ইয়াৰ পৰা গোলকীয় মঞ্চত অর্থনৈতিক মহাশক্তি হিচাপে ভাৰতৰ উত্থান প্রতিপন্ন হৈছে। বিগত ৫ বছৰত বার্ষিক ভিত্তিত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ চীনতকৈ অধিক হৈ আছে। সেই অনুসাৰে, ২০২৩ চনত ভাৰতৰ গড় বৃদ্ধিৰ হাৰ ৭.৫ শতাংশ হোৱাৰ বিপৰীতে চীনৰ বৃদ্ধিৰ হাৰ ৫. ২ শতাংশ হয়। ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ ২০২৬ চনলৈকে ৭.১ শতাংশ হোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৪.৬ শতাংশলৈ হ্ৰাস পাব পাৰে বুলি কোৱা হৈছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি আই এম এফৰ অনুমান অনুসৰি, ২০২৪ চনত চীনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ৪.৬ শতাংশ হ’ব আৰু ২০২৮ ত এই হাৰ ৩.৫ শতাংশলৈ হ্ৰাস পাব।

অধিক পঢ়ক

সকলো চাওক