ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতে বিশ্বমানৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলাৰ ফলত উচ্চমানৰ ডিজিটেল বিত্তীয় সামগ্রী বিকাশত সুবিধা হৈছেঃ আৰবিআই গৱৰ্ণৰ শক্তিকান্ত দাস

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কৈছে যে ভাৰতে বিশ্বমানৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলাৰ ফলত উচ্চমানৰ ডিজিটেল বিত্তীয় সামগ্রী বিকাশত সুবিধা হৈছে। তেওঁ কয় যে দেশখনত এতিয়া বিশ্বৰ তৃতীয় ষ্টার্টআপ পৰিৱেশতন্ত্ৰ আছে য’ত ১ লাখ ৪০ হাজাৰৰো অধিক ষ্টার্টআপ আৰু ১০০ৰো অধিক ইউনিকর্ণ আছে।
নতুন দিল্লীত আজি RBI AT 90 শীর্ষক এখন উচ্চস্তৰীয় সন্মিলনত ভাষণ দি শ্রীদাসে কয় যে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ অভিজ্ঞতাসমূহৰ দ্বাৰা অইন দেশসমূহ লাভবান হৈ গোলকীয়ভাৱে ডিজিটেল বিপ্লৱৰ সূচনা কৰিব পাৰে। ডিজিটেল মুদ্ৰা অৰ্থাৎ CBDCৰ ব্যৱহাৰৰ সন্দৰ্ভত আৰ বি আইৰ গৱৰ্ণৰগৰাকীয়ে কয় যে কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰাই দক্ষ পেমেণ্টৰ সুবিধা প্ৰদান কৰাৰ সম্ভাৱনা আছে। পাইকাৰী আৰু খুচুৰা দুয়োটা খণ্ডতে CBDC আৰম্ভ কৰা কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম বুলিও শ্রীদাসে জানিবলৈ দিয়ে। বিত্তীয় খণ্ডত কৃত্রিম বুদ্ধিমত্তা আৰু মেচিন লাৰ্ণিঙে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহ সন্দৰ্ভত শ্রীদাসে কয় যে কৃত্রিম বুদ্ধিমত্তাই চাইবাৰ আক্ৰমণ আৰু তথ্য ভংগৰ দিশত বর্ধিত সংবেদনশীলতাৰ নিচিনা নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তেওঁ বেংক আৰু অন্যান্য প্রতিষ্ঠানসমূহ এই বিপদসমূহৰ বিৰুদ্ধে পর্যাপ্ত বিপদ প্রশমনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়।
আৰ বি আইৰ গৱৰ্ণৰৰ্গৰাকীয়ে বৃদ্ধি পোৱা ঋণক লৈ উদ্বেগ প্রকাশ কৰি কয় যে মহামাৰীৰ পাছত বিশ্বৰ ৰাজহুৱা ঋণ ২০২৩ চনত মুঠ ঘৰুৱা উৎপাদনৰ ৯০ দশমিক ২ শতাংশলৈ বৃদ্ধি পাইছে আৰু ২০২৯ চনৰ ভিতৰত ই ১০০ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

অধিক পঢ়ক

সকলো চাওক