ভাৰতে পাকিস্তানৰ সৈতে বাণিজ্য পুনৰ আৰম্ভ কৰাৰ বাবে কোনো ধৰণৰ আলোচনা কৰা নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰকাশ কৰিছে। তেওঁ কয় যে পাকিস্তানৰ প্ৰশাসনেহে ২০১৯ চনত ভাৰতৰ সৈতে বাণিজ্যিক সম্পর্ক বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল। কালি ৱাশ্বিংটন ডিচিত সংবাদ মাধ্যমৰ আগত ড০ জয়শংকৰে কয় যে ভাৰতে দীৰ্ঘদিন ধৰি পাকিস্তানক অগ্ৰাধিকাৰপ্ৰাপ্ত ৰাষ্ট্ৰৰ মৰ্যাদা দি আহিছে যদিও পাকিস্তানে সেই মর্যাদা ৰক্ষা নকৰিলে। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শক্তিশালী পাৰস্পৰিক সম্পৰ্কৰ কথা উল্লেখ কৰি ড০ জয়শংকৰে কয় যে দুয়োখন ৰাষ্ট্ৰই দ্বিপাক্ষিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে পৰস্পৰৰ প্ৰতি আস্থা ৰাখি আহিছে। দুয়োখন ৰাষ্ট্ৰ বিশ্বৰ হিতৰ ভাৱনাৰে দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ লগতে ৰাষ্ট্ৰীয় হিতৰ প্ৰতি প্ৰতিশ্রুতিবদ্ধ বুলি তেওঁ প্ৰকাশ কৰে। ৬০ জয়শংকৰে লগতে আমেৰিকা যুক্তৰাষ্ট্রসহ বিদেশত অবৈধভাৱে বাস কৰা ভাৰতীয়সকলৰ ন্যায়সংগত প্ৰত্যাৱৰ্তন সন্দৰ্ভত ভাৰতৰ স্থিতি স্পষ্ট কৰে। তেওঁ কয় যে ভাৰতে বৈধ আহ-যাহৰ প্ৰতি সমৰ্থন আগবঢ়ায় আৰু দক্ষ তথা প্ৰতিভাবান ভাৰতীয়সকলে বিশ্ব পৰ্যায়ত মহান সুযোগ লাভ কৰাৰ পোষকতা কৰে। ভাৰতে অবৈধ প্ৰব্ৰজনৰ বিৰোধিতা কৰে বুলি উল্লেখ কৰি ড০ জয়শংকৰে কয় যে এনে কাৰ্যই দেশৰ ভাৱমূৰ্তি ম্লান কৰে আৰু অবৈধ গতিবিধিৰ প্ৰসাৰত সহায় কৰে। ছানফ্রান্সিস্কোত থকা ভাৰতীয় বাণিজ্যিক দূতাবাসৰ ওপৰত হোৱা আক্ৰমণ গুৰুতৰ বিষয় বুলি অভিহিত কৰি ড০ জয়শংকৰে কয় যে দেশে এই ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ জবাবদিহি হোৱাটো বিচাৰে। ভাৰতে এই ঘটনাৰ সৈতে জড়িতসকলক দোষী সাব্যস্ত কৰাটো বিচাৰে বুলিও তেওঁ মন্তব্য কৰে।
বাংলাদেশৰ স্থিতি সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ দেশখনৰ সাম্প্ৰতিক স্থিতি সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱনিযুক্ত বিদেশ মন্ত্ৰী মার্কো ৰুবিঅ’ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা মাইক ৱাৰ্টজৰ সৈতে চমু আলোচনা কৰিছে।
Site Admin | January 23, 2025 7:46 PM | S Jaishankar in America