প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আবুজাত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ তিনুবুৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতাৰ পৰ্যালোচনা চলোৱাৰ লগতে দ্বিপাক্ষিক সহযোগিতা সুদৃঢ় কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। ৰাষ্ট্ৰপতি টিনুবুৰ সৈতে এই প্রতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে নাইজেৰিয়াৰ সৈতে কৌশলগত অংশীদাৰিত্বক সর্বোচ্চ অগ্ৰাধিকাৰ দিছে। এই ক্ষেত্ৰত তেওঁ দুয়োখন দেশৰ মাজৰ প্ৰতিৰক্ষা, শক্তি, প্রযুক্তি, স্বাস্থ্য, শিক্ষা আৰু সাংস্কৃতিক সহযোগিতাৰ ক্ষেত্ৰসমূহৰ কথা উল্লেখ কৰে। তেওঁ কয় যে উভয় দেশে সন্ত্ৰাসবাদ আৰু জলদস্যুৰ লেখিয়া প্ৰত্যাহ্বানসমূহৰ সৈতে একেলগে কাম কৰি আছে। শ্রীমোদীয়ে নাইজেৰিয়াই তেওঁক গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্যা অৰ্ডাৰ অৱ দ্যা নাইজাৰ সন্মানেৰে বিভূষিত কৰাৰ সিদ্ধান্ত লোৱাৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জনায়। তেওঁ কয় যে এই সন্মান কেৱল তেওঁৰ বাবে নহয় বৰং সমগ্ৰ ভাৰতবাসীৰ বাবে। এই সন্মান ভাৰত আৰু নাইজেৰিয়াৰ মাজৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ ফচল বুলি প্রধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। তেওঁ কয় যে ১৭ বছৰৰ পাছত ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে নাইজেৰিয়া ভ্ৰমণ কৰিছে। নিজৰ তৃতীয়টো কাৰ্যকালত নাইজেৰিয়া ভ্ৰমণৰ সুযোগ লাভ কৰি তেওঁ অতিশয় আনন্দিত বুলি প্ৰকাশ কৰে। তেওঁ লগতে ভাৰতে নাইজেৰিয়াৰ বান সাহায্য প্ৰচেষ্টাৰ সমৰ্থনৰ বাবে ২০ টন মানৱীয় সাহায্য আগবঢ়াইছে বুলি প্ৰকাশ কৰে। ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ অংশীদাৰ হোৱাৰ বাবে নাইজেৰিয়াক শুভেচ্ছা জ্ঞাপন কৰি শ্ৰীমোদীয়ে ভাৰত আৰু নাইজেৰিয়াই গোলকীয় দক্ষিণে সন্মুখীন হোৱা সমস্যাসমূহ বিশ্বৰ সন্মুখলৈ আনিব পাৰিব বুলি বিশ্বাস ব্যক্ত কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক আবুজাৰ ৰাষ্ট্ৰপতিৰ আৱাসত আনুষ্ঠানিকভাৱে স্বাগতম জনোৱা হয়। তেওঁ নাইজেৰিয়াত বাস কৰা ভাৰতীয় মূলৰ লোক সকলৰ এটা সমাৱেশতো ভাষণ দিব। শ্ৰী মোদী যোৱা নিশা দুদিনীয়া ভ্ৰমণসূচীৰে আবুজাত উপস্থিত হয়। তেওঁক দেশখনত বিপুলভাৱে আদৰণি জনোৱা হয়। বিগত ১৭ বছৰত এয়া কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম নাইজেৰিয়া ভ্ৰমণ । প্রধানমন্ত্ৰীক আবুজাৰ কী টু দ্যা চিটী প্ৰদান কৰা হয়। এই চাবিকাঠী নাইজেৰিয়াৰ জনসাধাৰণৰ বিশ্বাস আৰু সন্মানৰ প্ৰতীক। শ্রীমোদীক নাইজেৰিয়াত বাস কৰা মাৰাঠী সম্প্ৰদায়ৰ লোকসকলে মাৰাঠীক ধ্ৰুপদী ভাষাৰ মৰ্য্যাদা প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । প্রধানমন্ত্রী মোদী নাইজেৰিয়া ভ্ৰমণ সামৰি জি-২০ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে আজি সন্ধিয়া দুদিনীয়া ভ্রমণসূচীৰে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’লৈ যাব। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাছিঅ’ লুলা দ্যা ছিলভাই এই সন্মিলনৰ আঁত ধৰিব। ভাৰত, ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকা জি-২০ ত্ৰোইকাৰ অংশ আৰু দেশ তিনিখনে জি-২০ শীৰ্ষ সন্মিলনৰ আলোচনাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। সন্মিলনত প্রধানমন্ত্রী মোদীয়ে বিভিন্ন গোলকীয় বিষয়ত ভাৰতৰ স্থিতিৰ বিষয়ে অৱগত কৰিব আৰু জি-২০ নতুন দিল্লী ঘোষণাপত্ৰ অনুসৰি লোৱা পদক্ষেপৰ লগতে ভাৰতে যোৱা কেইটামান বছৰত আয়োজন কৰা ভইচ অব দি গ্লোবেল ছাউথ সন্মিলনৰ লাভালাভ সম্পর্কে আলোচনা কৰিব। জি-২০ শীর্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে শ্ৰী মোদীয়ে কেইবাগৰাকীও নেতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে। এই ভ্ৰমণৰ তৃতীয় তথা অন্তিম পৰ্যায়ত প্রধানমন্ত্রী মোদী পৰহিলৈ তিনি দিনীয়া ভ্ৰমণসূচীৰে গায়ানাত উপস্থিত হ’ব ।
Site Admin | November 17, 2024 8:12 PM | PM Modi at Nigeria