ভাৰতে তিস্তা প্ৰকল্প ৰূপায়ন কৰাটো বিচাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে

বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই কৈছে যে, তেওঁ ভাৰতে তিস্তা প্ৰকল্প ৰূপায়ণ কৰাতো বিচাৰে যিহেতু এই বিষয়টো চুবুৰীয়া দেশৰ সৈতে জড়িত। শ্ৰীমতি হাছিনাই তেওঁৰ শেহতীয়া চীন ভ্রমণ সন্দৰ্ভত ঢাকাত এখন সংবাদমেলত এটা প্ৰশ্নৰ উত্তৰত এইদৰে কয়। প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, চীনে তিস্তা প্রকল্প সন্দৰ্ভত কেতবোৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে এই বিষয়ত সম্ভাৱ্য অধ্যয়নো কৰিছে। ভাৰতেও এই ক্ষেত্ৰত প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে তিস্তা প্ৰকল্প সন্দৰ্ভত অধ্যয়ন চলাব বুলি উল্লেখ কৰি বাংলাদেশৰ প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, এই ক্ষেত্ৰত তেওঁ ভাৰতক প্রাধান্য দিব। শ্রীমতি হাছিনাই কয় যে, ভাৰত তিস্তা নদীৰ সৈতে জড়িত হৈ আছে আৰু সেইবাবেই ভাৰতে এই প্ৰকল্প ৰূপায়ণ কৰা উচিত। এই ক্ষেত্ৰত ভাৰত আগবাঢ়ি আহিলে বাংলাদেশ চৰকাৰে প্ৰয়োজনীয় সকলো সুবিধা উপলব্ধ কৰিব বুলি তেওঁ আশ্বাস দিয়ে। প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতৰ এই প্ৰকল্পৰ ক্ষেত্ৰত অধ্যয়ন সম্পূর্ণ হ’লে বাংলাদেশে নিজৰ সুবিধা অনুসৰি সেই প্ৰস্তাৱ গ্ৰহণ কৰিব। উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশত ৫৪ খন উমৈহতীয়া নদী আছে। দুয়োখন দেশে বান ব্যৱস্থাপনা, আগতীয়া সতর্কতা তথা খোৱাপানীৰ প্ৰকল্পৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ শেহতীয়া ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশে তিস্তা নদীৰ সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ বিষয়ত আলোচনাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।

অধিক পঢ়ক

সকলো চাওক