ডাউনলোড
মোবাইল এপ

android apple
signal

February 16, 2025 10:58 AM | PM Modi

printer

ভাৰতে অকল বিশ্বৰ ভৱিষ্যত কেন্দ্ৰিক আলোচনাৰ কেন্দ্ৰই নহয়, বৰং দেশে এনে আলোচনাৰ নেতৃত্ব বহন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

ভাৰতে অকল বিশ্বৰ ভৱিষ্যত কেন্দ্ৰিক আলোচনাৰ কেন্দ্ৰই নহয়, বৰং দেশে এনে আলোচনাৰ নেতৃত্ব বহন কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। দিল্লীত কালি এটা সংবাদগোষ্ঠীয়ে আয়োজন কৰা সন্মিলনত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। শ্ৰী মোদীয়ে কয়, যে ভাৰতে গোলকীয় পৰ্যায়ত সম্প্রতি এনে স্থান লাভ কৰিছে যিটো পূৰ্বতে কেতিয়াও পোৱা নাছিল। বিশ্বৰ গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ মাজতে হওক বা গোলকীয় মঞ্চসমূহতে হওক, ভাৰতৰ প্রতি আস্থা পূৰ্বৰ তুলনাত সৱাতোকৈ অধিক হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ভাৰত ২০১৪ চনৰে পৰা দ্রুত উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। তেওঁ লগতে কয়, যে ভাৰতে মাত্ৰ এটা দশকৰ ভিতৰতে বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাৰ অন্যতম হৈ উঠিছে। তেওঁ লগতে অনাগত সময়ত ভাৰত বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থ ব্যৱস্থাৰূপে পৰিগণিত হ’ব বুলি আস্থা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, যে ভাৰতে প্ৰথম তিনিটা ঔদ্যোগীক বিপ্লবৰ অংশীদাৰ হোৱাৰ সুযোগ হেৰুৱাইছে যদিও চতুৰ্থ বিপ্লবত বিশ্বৰ সৈতে আগবাঢ়িবলৈ সাজু হৈছে। শ্ৰী মোদীয়ে কয়, যে তেওঁৰ চৰকাৰে ব্যৱসায়ৰ আশংকাক ব্যৱসায়িক সুচলতালৈ ৰূপান্তৰ কৰিছে। তেওঁ কয়, যে বর্তমান চৰকাৰে ব্যক্তিগত খণ্ডক উন্নত ভাৰত গঢ়াৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ সহযোগী বুলি গণ্য কৰে।

অধিক পঢ়ক

সকলো চাওক