ডাউনলোড
মোবাইল এপ

android apple
signal

December 25, 2024 11:59 AM | NHAI

printer

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বিপথগামী গৰুৰ আশ্ৰয় শিবিৰ স্থাপনৰ পৰিকল্পনা

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কর্তৃপক্ষ, এনএইচএআইয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে বিপথগামী গৰুৰ আশ্ৰয় শিবিৰ স্থাপনৰ পৰিকল্পনা কৰিছে। পথ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু পশুৰ পৰা হব পৰা দুৰ্ঘটনা হ্ৰাস কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়ে এটা বিবৃতিযোগে কয় যে যাত্ৰীৰ বাবে এক সুৰক্ষিত ভ্রমণ অভিজ্ঞতাৰ বাতাবৰণ সৃষ্টিৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখিবলৈ পোৱা গৰু আৰু অনান্য জীৱ-জন্তুৰ যত্ন আৰু পৰিচালনা নিশ্চিত কৰাই এই পাইলট প্রকল্পৰ প্ৰধান লক্ষ্য হব। পাইলট প্রকল্পৰ অধীনত স্থাপন হবলগীয়া এই আশ্রয় শিবিৰসমূহ ০.২১ৰ পৰা ২.২৯ হেক্টৰ মাটিকালিত কৌশলগতভাৱে স্থাপন কৰা হ’ব যাতে বিপথগামী গৰুৰ বাবে শিবিৰসমূহ নিৰাপদ স্থানলৈ পৰিগণিত হয়। এই পদক্ষেপৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত জীৱজন্তুৰ উপস্থিতি আৰু দুৰ্ঘটনা হ্ৰাস পাব বুলি আশা কৰা হৈছে। প্রাথমিক পর্যায়ত ৩৩৪বি নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা সীমান্তৰ পৰা ৰোহনা অংশকে ধৰি বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথত এই প্ৰকল্প ৰূপায়ণ কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক