ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱোজ্জল যাত্ৰা সন্দৰ্ভত ৰাজ্যসভাত আলোচনা

ভাৰতীয় সংবিধানৰ ৭৫ বছৰীয়া গৌৰৱোজ্জল যাত্ৰা সন্দৰ্ভত আজি দেশৰ উচ্চ সদন – ৰাজ্যসভাত আলোচনা অনুষ্ঠিত হৈছে। আলোচনাত ভাগ লৈ বিজেপিৰ জ্যেষ্ঠ নেতা তথা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, যে দ্বিতীয় মহাসমৰৰ পাছত বিশ্বৰ ৫০ খনৰো অধিক দেশে স্বাধীনতা লাভ কৰিছিল আৰু সকলোৱেই নিজৰ নিজৰ সংবিধান ৰচনা কৰিছিল। কিন্তু অধিকাংশ দেশেই তেওঁলোকৰ সংবিধানৰ ব্যাপক সংশোধনী ঘটোৱাই নহয়, সংবিধানসমূহৰ মূল সত্তাকেই পৰিৱৰ্তন কৰি পেলাইছে। ভাৰতবৰ্ষই হৈছে একমাত্র দেশ যাৰ সংবিধানে সময়ৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিছে আৰু দিনক দিনে অধিক শক্তিশালী হৈ উঠিছে। বিৰোধী কংগ্ৰেছ দলৰ সমালোচনা কৰি সীতাৰমণে পূৰ্বৰ কংগ্ৰেছ শাসনকালত দেশত কেইবাখনো চলচ্চিত্ৰ আৰু গ্ৰন্থ চৰকাৰে নিষিদ্ধ কৰাৰ উদাহৰণ দাঙি ধৰে আৰু জৰুৰী অৱস্থা ঘোষণা কৰাৰ বাবে কংগ্ৰেছ দল সদায়েই জনমানসত জগৰীয়া হৈ থাকিব বুলি মন্তব্য কৰে। কংগ্ৰেছ দলে গৰিৱী হতাও শ্লোগান দিছিল যদিও প্রকৃত পক্ষে দেশৰ পৰা দৰিদ্ৰতা দূৰ কৰিব নোৱাৰিলে বুলিও তেওঁ সমালোচনা কৰে।
আলোচনাত ভাগ লৈ বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গেই বৰ্তমানৰ চৰকাৰখনে সংবিধানৰ ভাৱাদৰ্শক হেয় কৰিছে বুলি অভিযোগ কৰে। তেওঁ কয়, যে দেশত প্ৰাপ্তবয়স্কৰ সাৰ্বজনীন ভোটাধিকাৰৰ ব্যৱস্থা কংগ্ৰেছ দলেহে প্ৰৱৰ্তন কৰিছে । কংগ্ৰেছ চৰকাৰে প্ৰৱৰ্তন কৰা এম জি এনৰেগা, খাদ্য সুৰক্ষা আইন আৰু ভূমি সংস্কাৰ আইনসমূহ দেশখনত সমাজবাদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত উল্লেখযোগ্য পদক্ষেপ আছিল বুলি শ্রীখাৰ্গেই দাবী কৰে। বৰ্তমানৰ বিজেপি চৰকাৰে জাতি ভিত্তিক লোকপিয়ল অনুষ্ঠিত নকৰি সংৰক্ষণ বিৰোধী স্থিতি লৈছে বুলিও বিৰোধী দলপতিগৰাকীয়ে অভিযোগ কৰে।

অধিক পঢ়ক

সকলো চাওক