ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল ১০ মিটাৰ এয়াৰ ৰাইফলত মহিলাৰ ফাইনেলৰ মেডেল ৰাউণ্ডত পদক জয়ত ব্যৰ্থ

পেৰিছ অলিম্পিকৰ চতুৰ্থ দিনা আজি ভাৰতীয় শ্বুটাৰ ৰমিতা জিন্দাল ১০ মিটাৰ এয়াৰ ৰাইফল মহিলাৰ চূড়ান্ত ৰাউণ্ডত পদক জয়ত ব্যৰ্থ হৈছে। ৰমিতা জিন্দাল ফাইনেল ৰাউণ্ডত সপ্তম স্থানত থমিক ৰয়। একেদৰে ১০ মিটাৰ এয়াৰ ৰাইফল পুৰুষ শাখাৰ ফাইনেলত ভাৰতৰ শ্বুটাৰ অৰ্জুন বাবুটাই চতুর্থ স্থানতে থমকি ৰয় । আনহাতে, সৰবজোৎ সিঙৰ সৈতে মনু ভাকেৰেৰ যুটীটোয়ে ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড দলৰ কোৱালিফিকেচন ৰাউণ্ডত খেলি পৰৱৰ্তী ৰাউণ্ডলৈ উন্নীত হৈছে। ইফালে আজি বিয়লি অনুষ্ঠিত হোৱা পুৰুষৰ হকীত ভাৰতে আৰ্জেণ্টিনাৰ বিৰুদ্ধে ১-১ গ’লেৰে ড্ৰ’ খেলিছে। পুল বিৰ গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হোৱা ভাৰতীয় হকী দলটো গ্ৰুপ পৰ্যায়ৰ প্ৰথমখন খেলত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩-২ গ’লৰ ব্যৱধানত জয়লাভ কৰিছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই পেৰিছ অলিম্পিকত দেশৰ হৈ প্ৰথমটো পদক লাভ কৰা ভাৰতীয় শুটাৰ মনু ভাকেৰক আজি সদনৰ হৈ অভিনন্দন জনায়। আজি সদনৰ কাম-কাজৰ আৰম্ভণিতে লোকসভা অধ্যক্ষগৰাকীয়ে শ্বুটাৰগৰাকীক অভিনন্দন জনাই কয় যে, মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি মনু ভাকেৰে ইতিহাস ৰচনা কৰিছে। এই ইভেণ্টত পদক লাভ কৰা ভাকেৰ প্ৰথমগৰাকী ভাৰতী মহিলা হিচাপে পৰিগণিত হৈছে। তেওঁৰ সফলতাই সমগ্ৰ দেশতে উৎসাহৰ পৰিৱেশৰ সৃষ্টি কৰিছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে পেৰছি অলিম্পিকত অংশগ্ৰহণ কৰা আন ভাৰতীয় খেলুৱৈসকলো শুভেচ্ছা জনায়।

অধিক পঢ়ক

সকলো চাওক