August 11, 2024 11:56 AM | vinesh phogat

printer

ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগট আৱেদনৰ ওপৰত ১৩ আগষ্টত ক্রীড়া চালিছী আদালতৰ ৰায় দান

ক্রীড়া চালিছী আদালতে আগশাৰীৰ ভাৰতীয় মল্লযোদ্ধা ৱিনেশ ফোগটক অযোগ্য ঘোষণা কৰা কাৰ্যৰ বিৰুদ্ধে দাখিল কৰা আৱেদনৰ ৰায় মঙলবাৰলৈ স্থগিত ৰাখিছে। নতুন সময়সীমা অনুসৰি আপোচ বিচাৰক ড০ এনাবেলে বেনেটে ১৩ আগষ্টত ভাৰতীয় সময় অনুসৰি নিশা চাৰে ৯ বজাত ৰায়দান কৰিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী এই গোচৰৰ এটা পক্ষ আৰু ভাৰতীয় অলিম্পিক সংস্থায়ো প্ৰভাৱিত পক্ষ হিচাপে গোচৰটোত জড়িত হৈছে। ৱিনেশ ফোগটে ৫০ কিলোগ্রাম ওজন শাখাৰ ছেমি ফাইনেলত জয়লাভ কৰাৰ পাছতহে ওজন ১০০ গ্রাম অধিক পোৱা গৈছিল বুলি উল্লেখ কৰি তেওঁক যুটীয়াভাৱে ৰূপৰ পদক প্ৰদান কৰিবলৈ আৱেদন জনাইছে। জ্যেষ্ঠ অধিবক্তা হৰিশ চালভেই ক্রীড়া চালিছী আদালতত খেলুৱৈগৰাকীৰ হকে ওকালতি কৰিছে। গোচৰটোৰ শুনানি ইতিমধ্যে সম্পন্ন হৈছে।

অধিক পঢ়ক

সকলো চাওক