ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

অসমত বছৰৰ দ্বিতীয়টো বানত ৩০ খন জিলাৰ ২৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। বিগত ২৪ ঘণ্টাত বানত ৰাজ্যখনত কোনো লোকৰ মৃত্যু হোৱা নাই। গুৱাহাটী মহানগৰত বৰষুণৰ পানীয়ে সৃষ্টি কৰা বানত স্বাভাৱিক জীৱন যাত্ৰা বিঘ্নিত হৈছে। মহানগৰখনৰ বিভিন্ন পথ-উপপথত পানী জমা হৈ থকাত যাতায়াতত অসুবিধাৰ সৃষ্টি হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দিয়া আগজাননী অনুসৰি উজনি অসমৰ বিভিন্ন স্থানত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ৰাজ্যখনৰ প্ৰায় ৪৭ হাজাৰ লোকে ঘৰ-বাৰী পানীত ডুব যোৱাত সাময়িকভাৱে সাহায্য শিবিৰত থাকিবলগীয়া হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কমেও ১০০টা বন্য জন্তুক উদ্ধাৰ কৰিছে। আনহাতে বানত উদ্যানখনৰ প্ৰায় ৯০টা জন্তুৰ মৃত্যু হৈছে। বানৰ সময়ত কাৰ্বি পাহাৰলৈ যোৱা বন্য জন্তু উদ্যান কর্তৃপক্ষই ড্রোনৰ সহায়ত নিৰীক্ষণ কৰি উদ্ধাৰৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ডিব্ৰুগড় পৌৰ নিগমৰ কাৰ্যালয়ত পাৰিষদসকলৰ লগত এখন বৈঠকত মিলিত হৈ জিলাখনৰ কৃত্ৰিম বানপানীৰ সমস্যা আৰু সমাধানৰ ক্ষেত্ৰত মতামত গ্ৰহণ কৰে। এই ক্ষেত্ৰত সমস্যাসমূহৰ হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন সমাধানৰ ক্ষেত্ৰত লাভ কৰা পৰামৰ্শসমূহ মুখ্যমন্ত্ৰীক অৱগত কৰাব বুলি জানিবলৈ দিয়ে। এই বৈঠকত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি জিলাখনৰ আয়ুক্ত, মেয়ৰ আৰু প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে ৷ শিক্ষা জনজাতি পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী ডা০ ৰণোজ পেগুৱে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলাখনৰ উন্নয়ন আয়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত আয়ুক্তসকল, ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকৰ আৰম্ভণিতে জিলা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এতিয়ালৈকে হোৱা ক্ষয়-ক্ষতিৰ সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন দাঙি ধৰে। মন্ত্ৰী শ্ৰীপেগুৱে সম্পূৰ্ণ উদাৰ, মানৱীয় দৃষ্টিভংগীৰে তথা দায়বদ্ধতাৰে বানত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য আৰু পুনৰ সংস্থাপন দিয়াৰ বাবে কাম কৰিবলৈ বিষয়াসকলক আহ্বান জনায়।
জল সম্পদ মন্ত্রী পীযূষ হাজৰিকাই আজি মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অধীনত চনকা অঞ্চল পৰিদৰ্শন কৰি বান আৰু খহনীয়াৰ সামগ্ৰিক পৰিস্থিতি নিৰীক্ষণ কৰে। মন্ত্ৰীগৰাকীৰ লগত জিলাখনৰ আয়ুক্ত দেৱাশিষ শৰ্মাই অঞ্চলটো পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। কৰিমগঞ্জ জিলাৰ প্ৰায় ৪৯ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। জিলাখনত বৰ্তমান ৪০টা সাহায্য শিবিৰ স্থাপন কৰি প্ৰায় ২,৫০০ লোকক আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰা হৈছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠান পৰৱৰ্তী জাননী প্ৰকাশ নকৰা পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে। শোণিতপুৰ জিলাতো বানৰ ফলত প্ৰায় ২ হাজাৰ বিঘাৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনে নৈপৰীয়া অঞ্চলৰ লোকসকলক সাৱধানে থাকিবলৈ নিৰ্দেশ দিছে। বছলা সমষ্টিৰ ঝাৰনিচাপৰি, কোঁচগাঁও, ভুটুৱা আৰু তেজপুৰ সমষ্টিৰ তলকলিবাৰী, গেৰেকি, দ-বেছেৰীয়া, আমিৰা চাপৰি আদি গাঁৱৰ প্ৰায় ২০০ৰো অধিক ঘৰ বানৰ কবলত পৰিছে। আজি জিলাখনৰ নদীসমূহৰ গতিবিধি সন্দৰ্ভত জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাই বুজ লৈ বালিপৰাৰ জৰাসৰ নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’ বেগৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰে। এই বাৰিষাৰ পাছতেই তেজপুৰ, বিহগুৰি, ঝাৰনিচাপৰি পৰ্যন্ত ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ স্থায়ী শিল বান্ধ আৰু ৰাস্তা নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক