ভাৰতীয় বক্সাৰ অমিত পংগালে পুৰুষৰ ৫১ কিলোগ্রাম শাখাত পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছে। আজি বেংককত অনুষ্ঠিত বিশ্ব বক্সিং কোৱালিফায়াৰৰ কোৱাৰ্টাৰ ফাইনেলত অমিতে চীনৰ লিউ ছুৱাঙক ৫-০ ফলাফলত পৰাস্ত কৰে। উল্লেখযোগ্য যে নিশান্ত দেৱ, নিখত জৰিণ, প্ৰীতি পাৱাৰ আৰু লাভলীনা বৰগোহাইৰ পাছত পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা অমিত ভাৰতৰ পঞ্চম গৰাকী বক্সাৰ।
Site Admin | June 2, 2024 8:06 PM | Boxer
ভাৰতীয় বক্সাৰ অমিত পংগালৰ পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন
