October 4, 2024 7:56 PM | Rajnath Singh

printer

ভাৰতীয় প্ৰতিৰক্ষা নির্মাণ সংস্থাৰ সমাজ – এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত প্ৰতিৰক্ষা মন্ত্ৰীৰ ভাষণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি কয় যে, চৰকাৰ দেশক গোলকীয় নিৰ্মাণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে প্ৰতিৰক্ষা উদ্যোগক ৰপ্তানিমুখী কৰি তুলিবলৈ প্ৰতিশ্রুতিবদ্ধ। নতুন দিল্লীত ভাৰতীয় প্ৰতিৰক্ষা নির্মাণ সংস্থাসমূহৰ সমাজ – এছ আই ডি এমৰ সপ্তম বার্ষিক সাধাৰণ সভাত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, ২০২৩-২৪ বৰ্ষত ঘৰুৱা প্ৰতিৰক্ষা উৎপাদনে ১ লাখ ২৭ হাজাৰ কোটি টকাৰ অভিলেখ সংখ্যক পৰিমাণ অতিক্ৰম কৰিছে। মন্ত্ৰীগৰাকীয়ে কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ প্ৰতিৰক্ষা তথা স্বাধীন সংস্থাসমূহৰ লগতে শেহতীয়া প্রযুক্তিসমূহ ভৱিষ্যতৰ উপযোগী কৰি ৰখাৰ বাবে বিনিয়োগ বৃদ্ধিৰ আহ্বান জনায়। উত্তৰ প্ৰদেশ আৰু তামিলনাডুত প্ৰতিৰক্ষা উদ্যোগ নির্মাণকে ধৰি সংশ্লিষ্ট খণ্ডত আত্মনিৰ্ভৰতাৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে ফাৰ্মসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ এচ আই ডি এমলৈ আহ্বান জনায়। তেওঁ এই সমূহক তৃণমূল পৰ্যায়ৰ সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰৰ সৈতে নীবিড় সম্পর্ক বজাই ৰাখি কাম কৰাৰ লগতে প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰত এই উদ্যোগসমূহক বৃহৎ ভূমিকা পালন কৰাত সহায় কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক