ভাইচ এডমিৰেল সঞ্জই ভাল্লাই আজি ভাৰতীয় নৌসেনা বাহিনীৰ কৰ্মচাৰীসকলৰ মুৰব্বী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। ১৯৮৯ চনৰ ১ জানুৱাৰীত তেওঁ ভাৰতীয় নৌবাহিনীত যোগদান কৰিছিল। ৩৫ বছৰীয়া কৰ্মজীৱনত তেওঁ বন্দৰ আৰু সমুদ্ৰৰ উভয় ক্ষেত্ৰতে ভালেমান বিশেষজ্ঞ, কৰ্মচাৰী আৰু পৰিচালন নিযুক্তিৰ ক্ষেত্ৰত কাম কৰিছিল। শ্রীভাল্লাই তেওঁৰ বিশেষ প্রশিক্ষণ সমাপ্তিৰ পাছত কেইবাখনো আগশাৰীৰ যুদ্ধজাহাজত বিশেষজ্ঞ হিচাপে অৱদান আগবঢ়াই আহিছে। আই এন এছ নিছাংক, আই এন এছ তাৰাগিৰি, আই এন এছ বীজৰ দৰে জাহাজত সমুদ্ৰ ক্ষেত্ৰত তেওঁ সমান্তৰালভাৱে বিভিন্ন প্ৰত্যাহ্বান গ্ৰহণ কৰি উপযুক্ত নির্দেশনা আগবঢ়াই আহিছিল। তেওঁৰ এই বিশিষ্ট সেৱাৰ সন্মানস্বৰূপে শ্রীভাল্লাক অতিবিশিষ্ট সেৱা পদক, নৌসেনা পদক আগবঢ়োৱাৰ উপৰি নৌসেনা বাহিনীৰ মুৰবৰী আৰু ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফৰ পৰাও প্রশংসা লাভ কৰিছিল
Site Admin | May 10, 2024 6:17 PM | New Navy Chief