লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ কাৰ্যত আলোকপাত কৰি কয় যে ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে অতি স্বচ্চতাৰে কাম কৰি আছে আৰু ইয়াৰ বিশ্বাসযোগ্যতা তথা সত্যতাই এতিয়া বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে। আজি নতুন দিল্লীত আয়োজিত চতুৰ্থ হিচাপ পৰীক্ষণ দিৱসত ভাষণ দি শ্ৰী বিৰলাই উল্লেখ কৰে যে ভাৰতীয় হিচাপ পৰীক্ষা ব্যৱস্থা অধ্যয়ণৰ বাবে বিভিন্ন দেশৰ লোক ভাৰতলৈ অহা তেওঁ প্ৰত্যক্ষ কৰিছিল। তেওঁ কয় যে এই দর্শনার্থীসকলে ভাৰতীয় ব্যৱস্থাৰ পৰা শিকে আৰু নিজৰ দেশত ইয়াক গ্ৰহণ কৰিবলৈ চেষ্টা কৰে৷
Site Admin | November 16, 2024 6:20 PM | Om Birla | Parliament House
ভাৰতীয় নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকে অতি স্বচ্চতাৰে কাম কৰি আছে আৰু ইয়াৰ বিশ্বাসযোগ্যতা তথা সত্যতাই এতিয়া বিশ্বজুৰি স্বীকৃতি লাভ কৰিছেঃ ওম বিৰলা
