ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যুটীয়াভাৱে Covaxin-ৰ বিকাশৰ বাবে ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডৰ পৰা ৰয়েল্টি হিচাপে ১৭২ কোটি টকা লাভ কৰিছে। লোকসভাৰ প্রশ্নকালত আজি সোধা এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই কয় যে Covaxin-ৰ পেটেণ্ট দাখিল কৰাৰ সময়ত ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদক সহ-স্বত্বাধিকাৰী তথা যুটীয়া উদ্ভাৱক হিচাপে স্বীকৃতি নিদিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে আপত্তি দশোৱাৰ পাছত ভাৰত বায়’টেক ইণ্টাৰনেচনেল লিমিটেডে ভুল স্বীকাৰ কৰি ইয়াৰ সংশোধন কৰে। এতিয়া ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ, নেচনেল ইনষ্টিটিউট্ অব্ ৱাইৰ’ল’জী আৰু তিনিগৰাকী বৈজ্ঞানিকক Covaxin-ৰ সহ-উদ্ভাৱক তথা সহ-স্বত্বাধিকাৰী হিচাপে গণ্য কৰা হ’ব। তেওঁ লগতে সদৰি কৰে যে ভেকচিন মৈত্ৰী কাৰ্যসূচীৰ অধীনত ৭ খন দেশলৈ Covaxin – যোগান ধৰা হৈছিল।
Site Admin | August 2, 2024 8:20 PM | Corona | Covaxin | COVID-19