ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ ডন্মাৰাজু গুকেশ বিশ্ব দবা ইতিহাসৰ সর্বকণিষ্ঠ দবা চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। ছিংগাপুৰত অনুষ্ঠিত অষ্টাদশ এফ আই ডি ই বিশ্ব দবা চেম্পিয়নশ্বিপত চীনৰ ডিং লিৰেণক পৰাস্ত কৰি গুকেশে এই কৃতিত্ব অর্জন কৰে। খেলখন প্রায় ৫ ঘণ্টা জুৰি অনুষ্ঠিত হয়। প্রতিযোগিতাখনত ভাৰতীয় খেলুৱৈগৰাকীয়ে মুঠ ৭ দশমিক ৫ পইণ্ট অৰ্জন কৰাৰ বিপৰীতে প্ৰতিদন্দ্বী খেলুৱৈগৰাকীয়ে ৬ দশমিক ৫ পইণ্টহে লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে সর্বকণিষ্ঠ হিচাপে এই খিতাপ কৰাৰ অভিলেখ গেৰি কাছপাৰৰ্ভৰ নামত আছিল। তেওঁ ২২ বছৰ বয়সত এই কৃতিত্ব অর্জন কৰিছিল। গুকেশ হ’ল ভাৰতৰ দ্বিতীয় গৰাকী দবা বিশ্ব চেম্পিয়ন। গুকেশৰ পূৰ্বে বিশ্বনাথন আনন্দে চাৰিবাৰকৈ এই খিতাপ দখল কৰিছিল।
খেলুৱৈগৰাকীক এই কৃতিত্বত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে কয়, যে খেলুৱৈগৰাকীৰ এই বিজয় দবাৰ জগতত ভাৰতৰ প্ৰভূত্ব প্ৰতিফলিত কৰিছে। সমগ্ৰ দেশক গৌৰৱান্বিত কৰি তোলাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে গুকেশৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে । ইপিনে, উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে এই কৃতিত্বত দবাৰ জগতত মাইলৰ খুঁটি হিচাপে অভিহত কৰে আৰু এই বিজয়ক সমগ্ৰ দেশৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে।
একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে খেলুৱৈগৰাকীৰ এই বিজয়ে দবাৰ ইতিহাসত নিজৰ নাম সন্নিৱিষ্ট কৰাই নহয় বৰং লাখ লাখ ভাৰতীয় যুৱক-যুৱকীক ডাঙৰ সপোন দেখিবলৈ আৰু পাৰদৰ্শিতা অৰ্জনৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ অনুপ্ৰেৰণা যোগাব । মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মায়ো খেলুৱৈগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে। ড° শৰ্মাই এই কৃতিত্বই বিশ্বজুৰি ভাৰতীয় দবাৰ স্থান উন্নীত কৰাৰ লগতে যুৱক-যুৱতীসকলক উচ্চাকাংক্ষী হোৱাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগাব বুলি সামাজিক মাধ্যমৰ এটা পোষ্টত উল্লেখ
কৰে।
Site Admin | December 13, 2024 10:46 AM | CM-Gukesh