বৰপেটাত অনুষ্ঠিত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধীনৰ কোচবিহাৰ ট্ৰফীৰ অসম আৰু ঝাৰখণ্ডৰ মাজৰ খেলখনৰ আজি অমীমাংসিতভাৱে সামৰণি পৰে। ইয়াৰ ফলত প্রথম ইনিংছত লাভ কৰা অগ্ৰগতিৰ ভিত্তিত ঝাৰখণ্ডে ৩ পইণ্ট অৰ্জন কৰাৰ বিপৰীতে অসমে এক পইণ্ট সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত জিলা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত চাৰিদিনীয়া খেলখনত অসমে প্রথমে বেট ধৰি ২৭৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছত ঝাখণ্ডে প্রথম ইনিংছত ৩০৭ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দ্বিতীয় ইনিংছত অসমে চতুর্থ দিনৰ খেলৰ শেষলৈকে ৪ উইকেটৰ বিনিময়ত ১৪০ ৰান সংগ্ৰহ কৰে। চতুর্থ দিনৰ সমাপ্তিত অমীমাংসিতভাৱে খেলখন সামৰণি পৰে।
Site Admin | November 16, 2024 7:30 PM | Akashvani | Akashvani News | SPORTS