ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতীয় ক্রিকেট তাৰকা ৰবিচন্দ্ৰন অশ্বিনলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবেগিক পত্ৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ অৱসৰ গ্ৰহণ কৰা ভাৰতীয় ক্রিকেট তাৰকা ৰবিচন্দ্ৰন অশ্বিনলৈ এখন আবেগিক পত্ৰ প্ৰেৰণ কৰি তেওঁক ধন্যবাদ জনাইছে। দেশৰ আগশাৰীৰ অফ স্পিনাৰগৰাকীয়ে যোৱা ১৮ ডিচেম্বৰত আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত বিগত সময়ছোৱাত তেওঁ ক্ৰিকেট আৰু দেশলৈ আগবঢ়াই অহা দৃষ্টান্তমূলক বৰঙণিৰ বাবে প্রধানমন্ত্ৰী মোদীয়ে খেলুৱৈগৰাকীৰ শলাগ লয়। উল্লেখযোগ্য যে সম্প্রতি চলি থকা বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ মাজভাগতেই খেলুৱৈগৰাকীয়ে আকষ্মিকভাৱে কৰা অৱসৰ গ্ৰহণৰ ঘোষণাই সমগ্ৰ বিশ্বতে তেওঁৰ অনুগামীসকলক হতচকিত কৰি তুলিছে। অশ্বিনলৈ লিখা আন্তৰিকতাপূর্ণ পত্ৰখনত তামিলনাডুৰ স্পীনাৰগৰাকীয়ে খেলবিধৰ প্ৰতি প্ৰদৰ্শন কৰা অতুলনীয় নিষ্ঠা তথা তেওঁৰ অভিলেখ ভংগকাৰী প্ৰদৰ্শনক ভূয়সী প্রশংসা কৰি খেলুৱৈগৰাকীৰ অৱসৰৰ ঘোষণাক ক্ৰিকেটৰ বলিঙৰ কেৰম বল শৈলীৰ সৈতে তুলনা কৰে। আন্তঃৰাষ্ট্ৰীয় ক্রিকেটত ৭৬৫টা উইকেট দখল কৰাৰ কৃতিত্বৰ লগতে ভালেমান টেষ্ট খেলত প্লেয়াৰ অব দা ছিৰিজ খিতাপ অৰ্জন কৰা অশ্বিনৰ উদ্ভাৱনমূলক বলিং কৌশল আৰু প্ৰতিপক্ষক অৱদমিত কৰি ৰাখিব পৰা সামৰ্থ্যৰ বাবে প্রধানমন্ত্রীয়ে তেওঁক ভূয়সী প্ৰশংসা কৰে। প্ৰতিপক্ষৰ বেটাৰসকলক কৌশলেৰে কাবু কৰা অশ্বিনৰ দক্ষতাপূৰ্ণ বলিঙৰ বাবে ক্রিকেটপ্রেমীসকলে আগ্ৰহেৰে অপেক্ষা কৰি থকা আৰু এনে বিৰল সামৰ্থ্যৰ জৰিয়তে খেলুৱৈগৰাকী দেশৰ বিজয়ৰ অন্যতম হোতা হৈ পৰাৰ বিষয়টোও তেওঁ আনন্দৰে ৰোমন্থন কৰে।

অধিক পঢ়ক

সকলো চাওক