September 1, 2024 12:41 PM | PM Modi

printer

ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ বৃহৎ সুযোগৰ দেশ বুলি অভিহিত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ বৃহৎ সুযোগৰ দেশ বুলি অভিহিত কৰিছে। তেওঁ লগতে দেশত ব্যৱসায়ৰ সা-সুবিধা, সংস্কাৰ, সুস্থিৰ নীতিগত ব্যৱস্থা আৰু উচ্চ বিকাশৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। প্রধানমন্ত্রীয়ে কালি ই টি- বিশ্ব নেতা মঞ্চত ভাষণ দি এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে বিনিয়োগকাৰীসকলক উদ্ভাৱণ, প্ৰদৰ্শন, ইতিবাচক উদ্যম আৰু উচ্চমানৰ সামগ্ৰীৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে, কেন্দ্ৰীয় চৰকাৰে অধিক দৃঢ় অভিপ্ৰায় আৰু পূৰ্ণ আস্থা আৰু আশাৰে তৃতীয় কার্যকাল আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে, এই বছৰ নিৰ্বাচন অনুষ্ঠিত অধিকাংশ দেশৰ জনসাধাৰণে পৰিৱৰ্তনৰ হকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে ভাৰতৰ জনসাধাৰণে ধাৰাবাহিকতা, ৰাজনৈতিক সুস্থিৰতা আৰু অৰ্থনৈতিক বিকাশৰ হকে ভোটদান কৰিছে। নব্য মধ্যবিত্ত শ্রেণীয়ে দেশৰ প্ৰগতিৰ ধাৰা আগুৱাই লৈ গৈছে আৰু বজাৰৰ দিশ নিৰ্ধাৰণ কৰিছে বুলি প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে, ভাৰতে সফলতাৰ অনন্য গাঁথা লিখি আছে আৰু অৰ্থব্যৱস্থাৰ প্ৰদৰ্শনত সংস্কাৰৰ প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হৈছে। সেউজ হাইড্ৰজেন, অর্ধপৰিবাহী, সমুদ্রতলী আৰু মহাকাশৰ দৰে ক্ষেত্ৰসমূহৰ বাবে বৰ্তমান চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উদ্যমত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, তেওঁৰ চৰকাৰে ভাৰতলৈ বাট চাই থকা বিভিন্ন সুযোগ আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে দেশক সাজু কৰি তুলিব খোজে। শ্রীমোদীয় কয় যে, তেওঁৰ চৰকাৰে দেশক বিশ্বৰ স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কাম কৰি আছে। এই প্ৰসংগত প্রধানমন্ত্ৰীয়ে কয় যে, চৰকাৰে বিগত ১০ বছৰত চিকিৎ‍সা বিজ্ঞান পাঠ্যক্ৰমৰ ১ লাখৰো অধিক আসনৰ সংযোজন ঘটাইছে আৰু পৰৱৰ্তী ৫ বছৰত ৭৫ হাজাৰৰো অধিক আসন বৃদ্ধি কৰা হ’ব। ভাৰতৰ পৰ্যটন খণ্ডত প্ৰসাৰ আৰু দেশক গোলকীয় খাদ্য কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ ওপৰতো আলোকপাত কৰি খাদ্যৰ প্ৰতিখন মেজত ভাৰতত নিৰ্মিত সামগ্ৰী উপলব্ধ কৰাটো সুনিশ্চিত কৰাটো তেওঁৰ সংকল্প বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰে সংস্কাৰ, প্ৰদৰ্শন আৰু পৰিৱৰ্তনৰ মন্ত্ৰেৰে জনসাধাৰণৰ জীৱনলৈ পৰিৱৰ্তন আনিবলৈ সফল হৈছে। প্ৰধানমন্ত্রীয়ে কয় যে, ২৫ কোটিৰো অধিক জনসাধাৰণ দৰিদ্ৰতাৰ গ্ৰাসৰ পাৰ মুক্ত হৈছে আৰু ইয়াৰ ফলস্বৰূপে এটা নব্য মধ্যবিত্ত শ্রেণীৰ উত্থান ঘটিছে। বিশ্বৰ কোনো গণতান্ত্রিক সমাজৰ এনে ধৰণৰ উত্থান পৰিলক্ষিত হোৱা নাই বুলি প্ৰধানমন্ত্রীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই নব্য মধ্যবিত্ত শ্ৰেণীৰ আৱশ্যকতাই বিকাশত গতি প্ৰদান কৰিছে আৰু বজাৰত চাহিদা বৃদ্ধি পাইছে।

অধিক পঢ়ক

সকলো চাওক