ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় অর্থব্যৱস্থাৰূপে গঢ় দিয়াত কৃষি খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় অর্থব্যৱস্থাৰূপে গঢ় দিয়াত কৃষি খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু দেশৰ কৃষকসকলৰ আয় বৃদ্ধিৰ বিষয়টো তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় হৈ থাকিব। উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত এটা অনুষ্ঠানত প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ সপ্তদশ কিস্তি হিচাপে প্রায় ৯ কোটি ২৬ লাখ হিতাধিকাৰী খেতিয়কলৈ ২০ হাজাৰ কোটিৰো অধিক টকা মোকলাই দি শ্ৰীমোদীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ লগতে কৃষি সখী হিচাপে আত্মসহায়ক গোটৰ ৩০ হাজাৰৰো অধিক মহিলাক প্ৰমাণপত্ৰ প্ৰদান কৰে।

Read Now :

বাৰাণসীৰ মেহেণ্ডীগঞ্জ এলেকাত প্রধানমন্ত্রী কিষাণ সম্মান সন্মিলনৰ এটা বৃহৎ সমাবেশক সম্বোধন কৰি শ্রীমোদীয়ে কয় যে, দেশ কৃষিজাত সামগ্ৰীৰ ৰপ্তানীৰ ক্ষেত্ৰত অগ্রণি হিচাপে পৰিগণিত হব লাগিব আৰু তেওঁৰ চৰকাৰে এই দিশত লোৱা পদক্ষেপে বাৰাণসী লেঙৰা আম, গাজীপুৰৰ ভেন্দি আৰু জনপুৰৰ থেকেৰাৰ লেখিয়া স্থানীয় কৃষিজাত সামগ্ৰীসমূহক নতুন বিপনন মঞ্চ প্ৰদান কৰিছে।
বৰ্তমান চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, পূৰ্বাঞ্চল অঞ্চলৰ উন্নত যোগাযোগ ব্যৱস্থাই উন্নয়নৰ নতুন পথ মুকলি কৰিব। অকল বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সময়তে এক কোটিৰো অধিক খেতিয়কৰ নাম প্রধানমন্ত্রী কিষাণ আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰৰ কথা উল্লেখ কৰি কয় যে তেওঁ কৃষক আৰু দুখীয়া জনাসাধাৰণৰ বাবে বাসগৃহৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়টো কাৰ্যকাল আৰম্ভ কৰিছে। সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, একত্রিশ কোটিৰো অধিক মহিলাই গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰিছে আৰু এই সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যাৰ সমান। তেওঁ কয় যে, বিশ্বত কোনো এখন নিৰ্বাচিত চৰকাৰ একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাটো অতিকে বিৰল আৰু ভাৰতবৰ্ষতো ৬০ বছৰ পূৰ্বেহে এনে ঘটিছিল। কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলে ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে। অনুষ্ঠানত ভাগ লৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে, উৎপাদন বৃদ্ধি কৰা আৰু খেতিয়কসকলৰ উৎপাদন মূল্য হ্ৰাস কৰাৰ লগতে উচিত ন্যূনতম সমর্থন মূল্য প্ৰদান কৰি কৃষিজাত সামগ্ৰীসমূহৰ উন্নত মূল্য নিশ্চিত কৰাই চৰকাৰৰ মূল লক্ষ্য। এই উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে কয় যে, ৰাজ্যখনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত উন্নয়নৰ নতুন শিখৰত উপনীত হৈছে। প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত নিজৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীক দলীয় কৰ্মীসকলে বিপুলভাৱে আদৰণি জনায়। শ্ৰীমোদীয়ে কাশীৰ জনসাধাৰণক একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত কৰাৰ বাবে ধন্যবাদ জনাই কয় যে, তেওঁ নিজকে কাশীৰ সন্তান যেনেই অনুভৱ কৰে। শ্রীমোদীয়ে লগতে কিষাণ সন্মিলনৰ একাংশ খেতিয়কক সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সামগ্ৰীৰ পৰ্যালোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক