ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতত দুর্যোগ ব্যৱস্থাপনাৰ বিমষ্টেক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰা হ’বঃ প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তর্জাতিক কল্যাণ ত্বৰান্বিত কৰাৰ হকে বিমষ্টেক এখন উল্লেখযোগ্য মঞ্চ বুলি মত প্রকাশ কৰে। তেওঁ লগতে কয়, যে বিমষ্টেক অধিক শক্তিশালী হোৱাটো প্ৰয়োজন। বেংককত অনুষ্ঠিত ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত প্রধানমন্ত্ৰীগৰাকীয়ে সহযোগিতাৰ বিভিন্ন দিশ সামৰি ২১ দফীয়া কাৰ্য পৰিকল্পনাৰ প্ৰস্তাৱ আগবঢ়ায়। বিমষ্টেকৰ ৰাষ্ট্ৰসমূহৰ মাজত ব্যৱসায় ত্বৰান্বিত হোৱা উচিত বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে বিমষ্টেক চেম্বাৰ অব্ কমাৰ্চ স্থাপন কৰাৰ বিষয়ে ঘোষণা কৰে তথা প্ৰতিবছৰে বিমষ্টেক বাণিজ্য শীৰ্ষ সন্মিলনৰ আয়োজন কৰাৰ বিষয়েও মত প্রকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিমষ্টেক অঞ্চলত স্থানীয় মুদ্ৰাত বাণিজ্য কৰাত সুফল সন্দৰ্ভত সম্ভাৱনামূলক অধ্যয়নতো প্ৰস্তাৱ আগবঢ়ায়। তেওঁ বাণিজ্যৰ লগতে বিমষ্টেকৰ জৰিয়তে প্রযুক্তিগত দিশসমূহো শক্তিশালী কৰাৰ সপক্ষে মত পোষণ কৰে। শেহতীয়াকৈ ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পই দুর্যোগ ব্যৱস্থাপনা খণ্ডত একত্ৰিত হৈ কাম কৰাৰ প্রয়োজনীয়তাক সূচাই বুলিও শ্ৰী মোদীয়ে মত প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতত দুর্যোগ ব্যৱস্থাপনাৰ বিমষ্টেক উৎকর্ষতা কেন্দ্ৰ স্থাপন কৰা হ’ব। শ্রী মোদীয়ে মহাকাশ খণ্ডতো সহযোগিতাৰ পোষকতা কৰাৰ লগতে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰা সন্দৰ্ভত মত প্ৰকাশ কৰে। সক্ষমতা নিৰ্মাণ ৰূপৰেখাৰ ক্ষেত্ৰত বিমষ্টেক উৎকৃষ্ট উদাহৰণ হৈ উঠিব পাৰে বুলিও তেওঁ মন্তব্য কৰে। বোধী পদক্ষেপৰ অধীনত প্ৰতি বছৰে বিমষ্টেক দেশসমূহৰ পৰা ৩০০ গৰাকী যুৱক-যুৱতীক ভাৰতত প্ৰতিৰক্ষা প্ৰদান কৰা হ’ব বুলি তেওঁ সদৰী কৰে।

অধিক পঢ়ক

সকলো চাওক