July 28, 2024 6:50 PM | Maan ki Baat

printer

ভাৰতক ড্ৰাগছ মুক্ত কৰাত জড়িত সকলো লোক আৰু সংস্থাক মানস হেল্পলাইন ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

ড্ৰাগছে সৃষ্টি কৰা ভয়াবহ প্ৰত্যাহ্বানৰ উল্লেখ কৰি আকাশবাণীৰ মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰতিটো পৰিয়ালকে তেওঁলোকৰ সন্তান ড্ৰাগছৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে বুলি আশংকাত দিন কটাবলগীয়া হৈছে। এই ক্ষেত্ৰত তেওঁ ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা মানস শীৰ্ষক বিশেষ কাৰ্যসূচীৰ উল্লেখ কৰে। মানসৰ হেল্পলাইন আৰু পোৰ্টেল অলপতে মুকলি কৰা হৈছে। লগতে টোল ফ্রি নম্বৰ ১৯৩৩ ও প্রকাশ কৰা হৈছে। শ্ৰীমোদীয়ে কয় যে, পুনৰ সংস্থাপনৰ বিষয়ে কোনো উপদেশ বা তথ্য বিচাৰি যিকোনো লোকে এই টোল ফ্রি নম্বৰত ফোন কৰিব পাৰিব। তেওঁ কয় যে, যদিহে কোনো লোকে ড্রাগছ বিষয়ক কোনো তথ্য লাভ কৰে তেন্তে তেওঁলোকে এই নম্বৰত ফোন কৰি মাদক দ্রব্য নিয়ন্ত্ৰণ ব্যুৰোক এই তথা জনাব পাৰিব। মানসত জনোৱা যিকোনো তথ্য গোপনে ৰখা হব বুলিও প্রধানমন্ত্রীয়ে জানিবলৈ দিয়ে। তেওঁ ভাৰতক ড্ৰাগছ মুক্ত কৰাত জড়িত সকলো লোক আৰু সংস্থাক মানস হেল্পলাইন ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক