প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাষা, সাহিত্য, শিল্প, আধ্যাত্মিকতা আদিয়ে এটা জাতিৰ সাংস্কৃতিক পৰিচয়ৰ গঢ় দিয়ে। নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় অভিধম্মা দিৱস কাৰ্যসূচীত ভাষণ দি প্রধানমন্ত্রীয়ে এইদৰে কয়। ভগৱান বুদ্ধৰ শিক্ষালৈ আঙুলিয়াই তেওঁ কয় যে ভাৰতে অমৃত কাল নামেৰে পৰিচিত এটা পৰিৱৰ্তনশীল যাত্ৰাত নামিছে, যিটো যাত্ৰা ২০৪৭ চনত শিখৰত উপনীত হ’ব। তেওঁ কয় যে ভগৱান বুদ্ধৰ প্ৰজ্ঞাৰ দ্বাৰা পৰিচালিত হৈ দেশে অভুতপূৰ্ব আৰু ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হ’ব। তেওঁ কয় যে বুদ্ধৰ কালজয়ী শিক্ষা অনুসৰণ কৰি দেশে উন্নতিৰ দিশত নতুন পথৰ সূচনা কৰিছে। প্রধানমন্ত্রী মোদীয়ে দেশৰ যুৱক-যুৱতীসকলক বিজ্ঞান প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বক আগুৱাই নিয়াৰ সমান্তৰালকৈ নিজৰ সংস্কৃতি আৰু মূল্যবোধক লৈ গৌৰৱ কৰিবলৈও আহ্বান জনায়। পালি ভাষাক ধ্রুপদী ভাষাৰ মৰ্যদা প্ৰদানৰ চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভত প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাষা কেৱল কথা-বতৰাৰ মাধ্যম নহয়, ই সভ্যতা আৰু সংস্কৃতিৰো ভেটি। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে পালি ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিছে আৰু ই এইবাৰ অভিধম্মা দিৱস উদযাপনক ঐতিহাসিক কৰি তুলিছে। তেওঁ কয় যে পালি ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়াটো ভগৱান বুদ্ধৰ মহান ঐতিহ্যৰ প্ৰতি সন্মান। দেশৰ চহকী ঐতিহ্য আৰু সংস্কৃতি সংৰক্ষণৰ বাবে চৰকাৰে চলাই থকা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ বিভিন্ন দেশৰ ৬০০টা প্রাচীন সামগ্ৰী আৰু ধ্বংসাৱশেষ দেশলৈ ঘূৰাই অনা হৈছে। আজিৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শ্ৰীমোদীয়ে কয় যে ধৰ্ম্মা মানে বুদ্ধৰ বাৰ্তা, বুদ্ধৰ নীতি আৰু মানৱ অস্তিত্বৰ সৈতে জড়িত প্ৰশ্নৰ সমাধান। অভিধম্মা দিৱস উপলক্ষে প্রধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ অনুগামীসকলৰ লগতে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।
Site Admin | October 17, 2024 8:31 PM | PM Modi
ভাষা, সাহিত্য, শিল্প, আধ্যাত্মিকতা আদিয়ে এটা জাতিৰ সাংস্কৃতিক পৰিচয়ৰ গঢ় দিয়েঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
