প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মাহৰ ৩ৰ পৰা ৯ তাৰিখলৈ অসমত পালন কৰি থকা ভাষা গৌৰৱ সপ্তাহ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্রধানমন্ত্ৰীয়ে ভাষা গৌৰৱ সপ্তাহৰ বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁ কয় যে, এই সপ্তাহটো অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা দিয়া উপলক্ষে অসমৰ জনসাধাৰণৰ উদ্যমৰ প্ৰতীক। তেওঁ কয় যে, এই সপ্তাহটোত উদযাপন কৰিবলগীয়া বিভিন্ন কাৰ্যসূচীয়ে বিভিন্ন সংস্কৃতি আৰু জনসাধাৰণৰ সংযোগ গভীৰ কৰি তুলিব। প্রধানমন্ত্ৰীয়ে অসমৰ বাহিৰৰ লোক সকলকো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। ভাষা গৌৰৱ সপ্তাহৰ মূল উদ্দেশ্যে হৈছে অসমীয়া ভাষাৰ বৈচিত্ৰ্য আৰু উত্তৰাধিকাৰ উদযাপন কৰা। উল্লেখযোগ্য যে, অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰা উপলক্ষে ৰাজ্যজুৰি কালিৰেপৰা ভাষা গৌৰৱ সপ্তাহ উদযাপন কৰা হৈছে। অসমীয়াৰ লগতে ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় ভাষা আৰু বৰ্ণিল সংস্কৃতিৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
Site Admin | November 4, 2024 5:48 PM | bhasa gaurav saptah | narendra modi | PM Modi