ডাউনলোড
মোবাইল এপ

android apple
signal

ভালেমান দেশতকৈ ভাৰতৰ বিমান ভাড়াৰ পৰিমাণ কমঃ মুৰুলীধৰ মহল

অসামৰিক বিমান পৰিবহন দপ্তৰৰ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মহলে কয়, যে ভালেমান দেশতকৈ ভাৰতৰ বিমান ভাড়াৰ পৰিমাণ কম। লোকসভাত আজি এটা লিখিত উত্তৰত শ্ৰী মহলে কয়, যে অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে বিমান ভাড়া নিৰীক্ষণ গোট স্থাপন কৰিছে আৰু এই গোটে বিভিন্ন দেশৰ বিমান ভাড়া নিৰীক্ষণ কৰিছে। মন্ত্ৰীগৰাকীয়ে কয়, যে ২০২৩ বৰ্ষৰ তুলনাত চলিত বৰ্ষত এই ভাড়াৰ পৰিমাণ হ্ৰাস পাইছে। তেওঁ দাবী কৰে যে, প্রতি কিলোমিটাৰ হিচাপত ভাৰতীয় বিমান পৰিবহন সংস্থাসমূহে নিৰ্ধাৰণ কৰা ভাড়া বিশ্বৰ আন বিমান পৰিবহন সংস্থাৰ ভাড়াতকৈ কম। মন্ত্ৰীগৰাকীয়ে কয়, যে যাত্রী ভাড়া নিৰুপনৰ সময়ত বিমান সংস্থাসমূহক যাত্ৰীসকলৰ স্বাৰ্থৰ কথা মনত ৰাখিবলৈ কোৱা হয়। অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ৰ বিমান ভাড়া নিৰীক্ষণ গোটে যোৱা উৎসৱৰ সময়ছোৱাত বিভিন্ন ব্যক্তিগত বিমান পৰিবহন সংস্থাৰ ঘৰুৱা বিমান সেৱাৰ ভাড়া নিৰীক্ষণ কৰিছিল আৰু সেই সময়ত কোনো অস্বাভাৱিক বিমান ভাড়াৰ বিষয়ে দৃষ্টিগোচৰ হোৱা নাছিল। তেওঁ লগতে কয়, যে চৰকাৰে বিমান ভাড়াৰ ক্ষেত্ৰত সুস্থ বাণিজ্যিক প্রতিযোগিতাৰ পোষকতা কৰে আৰু সাধাৰণতে বিমান ভাড়াৰ ক্ষেত্ৰত নিয়ন্ত্ৰকৰ ভূমিকা ল’বলৈ নিবিচাৰে।

অধিক পঢ়ক

সকলো চাওক