ভাতৃ-ভগ্নীৰ পৱিত্ৰ বান্ধোনৰ নিদৰ্শনস্বৰূপ ভাতৃ দ্বিতীয়া, ভাইদুজ বা ভাইফোটা উৎসৱ আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰপম্পৰাগত উৎসাহ-উদ্দীপনাৰে পালন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই উৎসৱ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে, ভাতৃ আৰু ভগ্নীৰ সম্পৰ্ক অতুলনীয়। চেনেহ জৰিৰে গঁথা এই সম্পৰ্কই এখন ঘৰ আৰু সমাজক আগবঢ়াই নিয়াত অৰিহণা যোগাব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে সকলো ভাতৃ-ভগ্নীৰ কুশল কামনা কৰে। মন্ত্ৰী কেশৱ মহন্তয়েও এই উৎসৱ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি পৰম্পৰাগত এই উৎসৱে ভাতৃ-ভগ্নীৰ স্নেহবন্ধন অধিক শক্তিশালী কৰিব বুলি আশা প্রকাশ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি এই উৎসৱ উপলক্ষে উৎসাহ-উদ্দীপনাই বিৰাজ কৰিছে। শোণিতপুৰ জিলাত আজি গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে এই উৎসৱ পালন কৰিছে। পাঁচদিনীয়া এই উৎসৱৰ অন্তিম দিনা পৰম্পৰা অনুসৰি সমূহীয়াভাৱে তেওঁলোকে ভাইটীকা বা ভাইফোটা আয়োজন কৰে। আজি সন্ধিয়া আয়োজিত এই অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশ ল’ব বুলি জানিব পৰা গৈছে।
Site Admin | November 3, 2024 6:41 PM | Bhai Dooj