ডাউনলোড
মোবাইল এপ

android apple
signal

November 3, 2024 12:07 PM | Dristipat

printer

বৰ্তমান চৰকাৰৰ কাৰ্যকালত চৰকাৰী বিষয়া-কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰাৰ বাবে চলোৱা ২০৭টা অভিযান সফল

তদাৰকী আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ে বৰ্তমান চৰকাৰৰ কাৰ্যকালত চৰকাৰী বিষয়া-কৰ্মচাৰীক উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰাৰ বাবে চলোৱা ২০৭টা অভিযান সফল হৈছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত তদাৰকী আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান সুৰেন্দ্ৰ কুমাৰে এই বিষয়ে প্ৰকাশ কৰি কয় যে, এই গোচৰসমূহত ২৫৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ ভিতৰত ২৩৬ জনেই চৰকাৰী কৰ্মচাৰী আৰু ২০ জন মধ্যভোগী বুলিও তেওঁ উল্লেখ কৰে। আনহাতে এই লোকসকলৰ পৰা ৭ কোটি ৮০ লাখৰো অধিক টকা জব্দ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। ইপিনে ২০২৪ বৰ্ষত ৫৫টা এনে অভিযান সফল হোৱাৰ লগতে ৬৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ২৮ অক্টোবৰৰ পৰা পালন কৰা সতর্কতা সপ্তাহ সম্পর্কে উল্লেখ কৰি কয় যে, কেন্দ্ৰীয় তদাৰকী আয়োগে প্ৰতিবছৰে ৰাইজৰ মাজত দুৰ্নীতিৰ কু-প্ৰভাবৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই সপ্তাহ পালন কৰে। আজি এই সপ্তাহৰ সামৰণি পৰিব। সত্যনিষ্ঠ সংস্কৃতিক জৰিয়তে দেশৰ সমৃদ্ধি মূল বিষয়বস্তু হিচাপে লৈ এই বছৰ সতৰ্কতা সপ্তাহ পালন কৰা হৈছে। উৎকোচ বিচৰা বা উৎকোচ দিয়া, চৰকাৰী বিষয়া-কৰ্মচাৰীৰ আয়তকৈ বেছি সম্পত্তি আৰু চৰকাৰী পুঁজিৰ অপব্যৱহাৰত দুৰ্নীতি বিৰোধী আইনৰ অধীনত অপৰাধ হিচাপে গণ্য কৰি সঞ্চালকালয়ে গোচৰ ৰুজু কৰে বুলিও তেওঁ উল্লেখ কৰে। আনহাতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সঞ্চালকালয়ে চলোৱা দুৰ্নীতি বিৰোধী অভিযানত উল্লেখযোগ্য সফলতা লাভ কৰিছে। আনহাতে জনসাধাৰণক উৎকোচ নিদিবলৈ আহ্বান জনায় তেওঁ কয় যে, বাধ্যতপৰি কোনো নাগৰিকে উৎকোচ দিবলগীয়া হ’লেও সাত দিনৰ ভিতৰত আৰক্ষী বা দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ক অৱগত কৰিলে সেয়া অপৰাধ বুলি গণ্য কৰা নহয়। জনসাধাৰণে ১৮০০ ৩৪৫৩৭৬৭ টোল ফ্ৰী নম্বৰত ফোন কৰি এনে অভিযোগ দাখিল কৰিব পাৰিব। জনসাধাৰণে নিয়ন্ত্রণ কক্ষৰ নম্বৰ ০৩৬১ ২৪৬৪৪৯৫ নম্বৰ লগতে ৬০২৬৯০১২৪৩ নম্বৰত হোৱাটচএপ যোগে অভিযোগ দাখিল কৰিব পাৰিব। অভিযোগ দাখিল কৰাৰ ক্ষেত্ৰত সঠিক নাম-ঠিকনা উল্লেখ কৰিব লাগিব বুলিও তেওঁ কয়।

অধিক পঢ়ক

সকলো চাওক