বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত গুৰুত্ব আৰোপৰ লগতে আধুনিক শিক্ষা পদ্ধতি গ্রহণ কৰি বিভিন্ন ক্ষেত্ৰৰ দক্ষতা বৃদ্ধি কৰিব লাগিবঃ মুখ্যমন্ত্রী

বৰ্তমানৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ সামগ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰাৰ লগতে তেওঁলোকৰ সৱলীকৰণৰ উদ্দেশ্যে আধুনিক শিক্ষা পদ্ধতি সমূহ গ্রহণ কৰি বিভিন্ন ক্ষেত্ৰৰ দক্ষতা বৃদ্ধি কৰিব লাগিব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। বি বৰুৱা মহাবিদ্যালয়ৰ ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসত ভাষণ দি মুখ্যমন্ত্রীয়ে কয় যে, প্রগতিশীল বিশ্বৰ পৰিৱৰ্তিত দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলে নিজকে চাকৰিৰ বজাৰখনত যোগ্য কৰি ৰখাৰ বাবে বিভিন্ন দক্ষতা আহৰণ কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে, পৰিৱৰ্তিত শৈক্ষিক দিশসমূহৰ প্ৰতিও লক্ষ্য ৰাখি শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীসকলক পৰৱৰ্তী প্ৰযুক্তিৰে দক্ষ কৰি তুলিব লাগিব। অসম সম্প্রতি ঔদ্যোগিকীকৰণত আগবাঢ়ি গৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যত বৰ্তমান এ আই, ৰবটিক্স, ব্লকচেইন, থ্রিডি প্রিন্টিং আদিৰ দৰে প্ৰযুক্তিৰে শিক্ষিত অধিক দক্ষ লোকৰ প্ৰয়োজন হৈছে। বি বৰুৱা মহাবিদ্যালয়ে ছাত্র-ছাত্রীসকলক উপযুক্ত দক্ষতা আহৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে বুলিও শ্রীশর্মাই মন্তব্য কৰে। তেওঁ মহাবিদ্যালয় কৰ্তৃপক্ষক নাকৰ এ প্লাছ প্লাছ স্বীকৃতি লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। মহাবিদ্যালয়খনক বর্তমান সময়ৰ প্ৰযুক্তিগত উদ্ভাৱনৰ প্ৰতি দৃষ্টি ৰাখি নতুন নতুন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়। শ্রীশর্মাই মহাবিদ্যালয়খনৰ চৌহদৰ পৰিসৰ বৃদ্ধিৰ উদ্দেশ্যে অতিৰিক্ত ভূমি প্ৰদান কৰাৰ লগতে ১০ কোটি টকা দিয়া হ’ব বুলিও ঘোষণা কৰে।

অধিক পঢ়ক

সকলো চাওক