বৰ্তমানৰ যুগটো হ’ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বৰ্তমানৰ যুগটো হ’ল ছিলিকন কূটনীতিৰ যুগ আৰু ভাৰতবৰ্ষই নিজকে অর্ধপৰিবাহীৰ পাৱাৰহাউছ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে, দেশত ব্যৱহৃত সংশ্লিষ্ট প্ৰতিটো সঁজুলিতে ভাৰতত নিৰ্মিত চিপ ব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ উদ্দেশ্যে চিপৰ উৎপাদন বৃদ্ধিৰ প্ৰতি চৰকাৰে মনোনিৱেশ কৰিছে। গ্ৰেটাৰ নয়দাত ছেমিকন ইণ্ডিয়া ২০২৪ সন্মিলন মুকলি কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। উদ্বোধনী অনুষ্ঠানত ভাষণ দি তেওঁ দেশত বৈদ্যুতিন আৰু অৰ্ধপৰিবাহী উদ্যোগৰ বিকাশ সাধনৰ বাবে চৰকাৰে গ্ৰহণ কৰা ভালেমান কাৰ্যব্যৱস্থাৰ বিষয়ে উল্লেখ কৰে। চলিত দশকটোৰ শেষৰ ভাগলৈ দেশৰ বৈদ্যুতিন খণ্ডক ৫০০ বিলিয়ন ডলাৰ পৰিমাণৰ উদ্যোগত পৰিণত কৰাৰ বাবে চৰকাৰে লক্ষ্য গ্রহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, ইয়াৰ ফলত নতুনকৈ প্ৰায় ৬০ লাখ কর্মসংস্থাপনৰ সৃষ্টি হ’ব। ডিজিটেল ভাৰতৰ সাফল্যৰ বিষয়টোলৈ আঙুলিয়াই দি শ্রী মোদীয়ে কয় যে, দেশে সম্প্ৰতি ইয়াৰ বিস্তৃত তথা বৃহৎ পৰিসৰৰ কাৰ্যকাৰিতা লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে মোবাইল ফোন আন দেশৰ পৰা আমদানি কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে, ইয়াৰ বিপৰীতে ভাৰত সম্প্ৰতি মোবাইল ফোনৰ দ্বিতীয় বৃহৎ উৎপাদনকাৰী আৰু ৰপ্তানিকাৰী দেশ হিচাপে পৰিগণিত হৈছে।
অনুষ্ঠানত ভাষণ দি বৈদ্যুতিন আৰু তথ্য প্রযুক্তি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে, ডিজিটেল ভাৰত আৰু দূৰসংযোগ অভিযানৰ জৰিয়তে চৰকাৰে প্ৰযুক্তিক জনসাধাৰণৰ হাতৰ মুঠিৰ ভিতৰলৈ আনিবলৈ সমৰ্থ হৈছে। দেশত অর্ধপৰিবাহী উদ্যোগৰ বিকাশ সাধনে এই অগ্ৰগতিৰ অধিক প্ৰসাৰ সম্ভৱপৰ কৰি তুলিব বুলিও তেওঁ মত প্ৰকাশ কৰে৷

অধিক পঢ়ক

সকলো চাওক