বৰ্তমানেও ৰাজ্যৰ ১৮ খন জিলাৰ প্ৰায় ৫ লাখ ৯৭ হাজাৰতকৈ অধিক লোক বানৰ কবলত

ৰাজ্যৰ বিভিন্ন জিলাত বাঢ়নী পানী ক্রমাৎ শুকাবলৈ লৈছে যদিও এতিয়াও ৰাজ্যৰ ১৮ খন জিলাৰ প্ৰায় ৫ লাখ ৯৭ হাজাৰতকৈ অধিক লোক বানৰ কবলত আছে। ব্ৰহ্মপুত্ৰ, বুঢ়ী দিহিং আৰু দিচাং নৈৰ জলস্তৰ এতিয়াও বিপদসীমাৰ ওপৰত আছে। শেহতীয়া খবৰ অনুসৰি ৰাজ্যত বানৰ ফলত ৯৩ জন লোকৰ মৃত্যু হৈছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি এতিয়াও ৫২টা ৰাজহ চক্ৰৰ এহেজাৰ ৩৪২ খন গাঁৱৰ বিস্তীর্ণ অঞ্চল বানত বুৰ গৈ আছে। এই বানত ২৫ হাজাৰ হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। ৰাজ্য চৰকাৰে স্থাপন কৰা ১৭২টা আশ্রয় শিবিৰত ৩০ হাজাৰতকৈ অধিক লোকে আশ্ৰয় লৈ আছে। এন ডি আৰ এফ, এছ ডি আৰ এফ, অগ্নিনির্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক