অসমৰ জ্যেষ্ঠ উদ্ভিদ বিজ্ঞানী ড০ ৰাজীৱ গগৈয়ে ২০১২ চনৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত গৱেষণা কৰি এতিয়ালৈকে কমেও ২০টা প্ৰজাতিৰ ডেম ডেউকাৰ প্ৰজাতি আৱিস্কাৰ কৰিছে। বিজ্ঞানীগৰাকীৰ এই বিষয়টোত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। উদ্ভিদৰ প্ৰজাতি আৱিস্কাৰৰ এই উল্লেখনীয় গৱেষণাৰ বাবে ড০ গগৈক ছুইজাৰলেণ্ডৰ পৰা প্ৰকাশিত বিশ্বৰ এখন আগশাৰীৰ আলোচনীয়ে স্বীকৃতি প্রদান কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিজ্ঞানীগৰাকীক অভিনন্দন জ্ঞাপন কৰি এই কথা উল্লেখ কৰে। তেওঁ কয় যে ১৯৪৭ চনৰ পৰা ২০২৩ চনলৈকে বিষয়টোৰ গৱেষণাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তেওঁ চতুর্থ স্থান পাবলৈ সমৰ্থ হৈছে। ড০ গগৈৰ দলটোৱে কৰা গৱেষণাৰ সাফল্যৰ বাবে ভাৰতীয় উদ্ভিদ বিজ্ঞান জৰীপ বিভাগে বিশ্বৰ ভিতৰতে পঞ্চম প্ৰতিষ্ঠান ৰূপেও চিহ্নিত কৰিছে।
Site Admin | November 28, 2024 6:29 PM | Assam | Scientist Rajib Gogoi
বৰ্তমানলৈকে ২০টা প্ৰজাতিৰ ডেম ডেউকাৰ প্ৰজাতি আৱিস্কাৰ অসমৰ জ্যেষ্ঠ উদ্ভিদ বিজ্ঞানী ড০ ৰাজীৱ গগৈৰ
