এডিলেইডত অনুষ্ঠিত ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত অষ্ট্ৰেলিয়াই ভাৰতক ১০ উইকেটত পৰাস্ত কৰে। আজি তৃতীয় দিনা ভাৰতে ৫ উইকেটৰ বিনিময়ত ১২৮ ৰানৰ পৰা দ্বিতীয় ইনিংছত খেল আৰম্ভ কৰি আটাইকেইটা উইকেট হেৰুৱাই ১৭৫ ৰাণ কৰি ১৯ ৰাণৰ লক্ষ্য বান্ধি দিয়ে। অষ্ট্ৰেলিয়াই ৩ অভাৰ ২ টা বলত কোনো উইকেট নেহেৰুৱাকৈ ভাৰতে বান্ধি দিয়া লক্ষ্যত উপনীত হয়। অষ্ট্ৰেলিয়াৰ ট্ৰেভিজ হেদে খেলখনত মেন অৱ দ্যা মেচৰ খিতাপ লাভ কৰে। এই জয়ৰ সৈতে ৫ খনীয়া টেষ্ট শৃংখলাটোত অষ্ট্ৰেলিয়াই ভাৰতৰ সৈতে ১-১ পইণ্টেৰ সমতা স্থাপন কৰিছে।
Site Admin | December 8, 2024 5:57 PM | Border-Gavaskar
ব’ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয় টেষ্ট মেচত অষ্ট্ৰেলিয়াৰ হাতত ভাৰত ১০ উইকেটত পৰাস্ত
