ৰীমালৰ প্ৰভাৱত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক উপত্যকাৰ তিনি জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ লগতে নগাঁৱৰ কামপুৰৰ বান পৰিস্থিতি জটিল হৈয়ে আছে। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰো পাহাৰত হোৱা বৰষুণৰ ফলত নামি অহা পানীৰ ঢলে আজি মানকাচৰৰ কালাপানীত পথ ক্ষতিগ্ৰস্ত কৰাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি প্লাৱিত কৰে। বানপানীত কালাপানী-টোপপাৰা সংযোগী দলংখন উটি যোৱাৰ ফলত অঞ্চলটোৰ ৭-৮খন গাঁৱৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ১০খন জিলাৰ ৬ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। হাইলাকান্দি, হোজাই, মৰিগাঁও, কৰিমগঞ্জ, নগাঁও, কাছাৰ, ডিব্ৰুগড়, গোলাঘাট, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ মুঠ ২৫টা ৰাজহ চক্ৰৰ অধীনস্থ ৫৯৭ খন গাঁও প্লাৱিত হৈছে আৰু ৪ ৮০০ হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত পৰিছে। ৰাজ্য চৰকাৰে বান প্ৰভাৱিত জিলা কেইখনত মুঠ ১৮৭টা সাহায্য শিবিৰ আৰু ৯৬টা বান সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে।
কৰিমগঞ্জত বানপানী সংক্রান্তীয় প্রয়োজনীয় তথ্য বিনিময়ৰ বাবে এটা বান কোষ আৰু নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। জলসম্পদ বিভাগৰ উত্তৰ কৰিমগঞ্জ কাৰ্যালয়ত স্থাপন কৰা নিয়ন্ত্রণ কক্ষৰ টেলিফোন নম্বৰ হৈছে ৯১০১৭৩০৪১৫। ইয়াৰ উপৰি নিয়ন্ত্রণ কক্ষৰ ভাৰপ্ৰাপ্ত বিষয়াক ৮৭৬১৯৫৫৫২৭ আৰু ভাৰপ্ৰাপ্ত সহায়কক ৮৭২১৯১২৫০৪ টেলিফোন নম্বৰত যোগাযোগ কৰিব পাৰিব। ডিব্ৰুগড় জিলাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এটা দলে বান প্রভাৱিত অঞ্চলসমূহত উপস্থিত হৈ স্থানীয় ৰাইজ আৰু অংগনবাড়ী কৰ্মীসকলৰ মাজত হেলোজেন টেবলেট বিতৰণ কৰে। ইয়াৰ লগতে অনাময় আৰু পৰিস্কাৰ-পৰিচ্ছন্নতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবেও দলটোৱে পদক্ষেপ গ্ৰহণ কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তৰফৰ পৰা অঞ্চলটোত ৩ হাজাৰ হেলোজেন টেবলেট আৰু সজাগতামূলক প্ৰচাৰ পত্ৰিকা বিতৰণ কৰা হয় ৷ বানত ক্ষতিগ্ৰস্ত ৰাইজৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ কামত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলো নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ প্ৰথম বেটেলিয়নৰ এটা অতিৰিক্ত দল বিমানেৰে গুৱাহাটীৰ পৰা হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জ জিলালৈ প্ৰেৰণ কৰা হৈছে।