August 25, 2024 7:57 PM | Mann Ki Baat

printer

বৰষুণৰ পানী সংৰক্ষণ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ জনসাধাৰণক প্রধানমন্ত্ৰীৰ আহ্বান

প্রধানমন্ত্ৰীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত বৰষুণৰ পানী সংৰক্ষণ আন্দোলনত অংশ গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়। লগতে মাতৃৰ নামত এটা গছপুলি ৰোৱা অভিযানতো অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। প্রধানমন্ত্ৰীয়ে জনসাধাৰণক সৱল সুঠাম হৈ থকাত গুৰুত্ব দিয়ে আৰু এই ক্ষেত্ৰত পুষ্টিকৰ আহাৰ আৰু জীৱনশৈলীত গুৰুত্ব দিবলৈ আহ্বান জনায় ৷ যোৱা বছৰ পোষণ অভিযানক নতুন শিক্ষানীতিৰ সৈতে সংযুক্ত কৰা বুলি তেওঁ উল্লেখ কৰে। প্রধানমন্ত্রীয়ে কয় যে কেইদিনমানৰ পিছতে পেৰিছত পেৰালিম্পিক আৰম্ভ হ’ব আৰু ইয়াত দেশৰ হৈ অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈসকলৰ বাবে ১৪০ কোটি ভাৰতীয়ই প্ৰাৰ্থনা জনাইছে।

অধিক পঢ়ক

সকলো চাওক