বৰপেটা জিলাৰ বৰপেটা মহাবিদ্যালয়ত আজি অসম চৰকাৰৰ নিযুত মইনা আঁচনিখন মুকলি কৰা হয় ৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত আয়ুষ গার্গ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই আঁচনিৰ অধীনত জিলাখনত সামৰি ল’বলগীয়া ছাত্ৰীৰ সংখ্যা হৈছে প্ৰায় ১৪হাজাৰ। ইতিমধ্যে তেওঁলোকৰ মাজত প্ৰ-পত্ৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়তো আজি মুখ্যমন্ত্রী নিযুত মইনা আঁচনি অধীনত ৮১৯গৰাকী ছাত্ৰীক প্ৰ-পত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানটি উদ্বোধন কৰে পঞ্চায়ত তথা গ্রামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচায্য অধ্যাপক জিতেন হাজৰিকা, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰীৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যৰ ছাত্ৰীসকলৰ সৱলীকৰণ, উচ্চ শিক্ষাৰ বাট প্রশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিছিল। এই আঁচনিখনে অহা ৩ বছৰত ১০ লাখ ছাত্ৰীক সামৰি ল’ব। বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধৰ লগতে অপৈণত বয়সতে মাতৃত্ব লাভৰ দৰে সমস্যাৰ পৰা কন্যাসকলক ৰক্ষা কৰাৰ লক্ষ্যৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে।
Site Admin | August 9, 2024 8:23 PM