বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ দুর্গম ভোটগ্রহণ কেন্দ্ৰসমূহলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল ৰাওনা

তৃতীয় পৰ্যায়ত নির্বাচন হ’বলগীয়া চাৰিটা লোকসভা সমষ্টিৰ অন্তৰ্গত জিলাসমূহৰ যাতায়তৰ ক্ষেত্ৰত দুর্গম ভোটগ্রহণ কেন্দ্ৰসমূহলৈ নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল আজিয়েই আগতীয়াকৈ ৰাওনা হয়। পৰহিলৈ বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ বাবে আজি বৰপেটা জিলাতো ভোটগ্রহণকাৰী দলসমূহে প্ৰান্তীয় আৰু ভিতৰুৱা এলেকাসমূহলৈ যাত্ৰা কৰে। উল্লেখযোগ্য যে বৰপেটা জিলাৰ মন্দিয়া আৰু চেঙা বিধানসভা সমষ্টি দুটা ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত। নিৰ্বাচনৰ বাবে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে। বৰপেটা নিৰ্বাচনী জিলাত সৰ্বমুঠ  ১০৩৪টা ভোটকেন্দ্ৰ আছে। ইয়াৰে ১১২টা কেন্দ্ৰ দুৰ্গম স্থানত অৱস্থিত। জিলাখনত ব্ৰহ্মপুত্ৰৰ মাজত থকা শতাধিক চৰসমূহত এই দূৰ্গম কেন্দ্ৰসমূহ অৱস্থিত। বৰপেটা নিৰ্বাচনী বিষয়া ময়ুৰাক্ষী দত্তই জনোৱা অনুযায়ী এই কেন্দ্ৰসমূহলৈ যোৱাৰ বাবে পাঁচখন ঠাইত মধ্যৱৰ্ত্তী ষ্ট্ৰং ৰুম স্থাপন কৰা হৈছে। বাঘমাৰা, কাছুমাৰা, মন্দিয়া, বহৰি আৰু ডুমুৰীত এই মধ্যৱৰ্ত্তী ষ্ট্ৰং ৰুমমূহ আছে। নলবাৰী জিলাতো অতি দুর্গম ব্ৰহ্মপুত্ৰ নদীৰ চৰ অঞ্চলৰ ৫১টা ভোটগ্রহণ কেন্দ্ৰৰ বাবে নিৰ্বাচনী বিষয়াসকলে ভোটগ্রহণ সমগ্ৰীৰ সৈতে আজি যাত্ৰা আৰম্ভ কৰিছে। প্ৰায় ৩৭০ গৰাকী নিৰ্বাচনী বিষয়াই আজি বিয়লি মুকালমুৱাৰ পৰা নাও, ট্ৰেক্টৰ, ম’হগাড়ী আৰু মটৰ চাইকেলেৰে গন্তব্যস্থানলৈ যায়।

অধিক পঢ়ক

সকলো চাওক