বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসাৰ মাচুল বৃদ্ধি

বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে প্ৰতিষ্ঠানখনত শেহতীয়াকৈ চিকিৎসাৰ মাচুল বৃদ্ধি হোৱা বুলি সদৰি কৰিছে। তেওঁ কয় যে, বিগত ২০০২ চনত শেষবাৰৰ বাবে মাচুল বৃদ্ধি কৰাৰ পাছত এইবেলি চিকিৎসাৰ সৈতে জড়িত সকলো ধৰণৰ ব্যয় সামান্য পৰিমাণে বৃদ্ধি কৰা হৈছে। ব্যক্তিগত খণ্ডৰ চিকিৎ‍সালয়সমূহত হোৱা ব্যয়ৰ জৰীপৰ ভিত্তিত জনসাধাৰণৰ অসুবিধা নোহোৱাকৈ তেজৰ পৰীক্ষা, এক্সৰেৰ পৰা আৰম্ভ কৰি পেইং কেবিনলৈকে কেইবাটাও ক্ষেত্ৰত মাচুল ন্যূনতম পৰিমানে বৃদ্ধি কৰা হৈছে। আয়ুষ্মান ভাৰত কাৰ্ড থকা ৰোগী সন্দৰ্ভত তেওঁ কয় যে, তেওঁলোকে পূৰ্বৰ দৰে এতিয়াও বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। এই কাৰ্ড নথকা ৰোগীসকলে বর্ধিত মাচুল আদায় দিব লাগিব। তেওঁ লগতে কয় যে, চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত বহিঃবিভাগত ৰোগীৰ সংখ্যা পূৰ্বতকৈ বৃদ্ধি হৈছে। ২০২০ চনত বহিঃবিভাগত ৰোগীৰ সংখ্যা এক লাখ ৩৩ হাজাৰ হোৱাৰ বিপৰীতে ২০২৩ চনত এই সংখ্যা ২ লাখ ৫৭ হাজাৰলৈ বৃদ্ধি হোৱা বুলি তেওঁ সদৰি কৰে।

অধিক পঢ়ক

সকলো চাওক