May 19, 2024 7:18 PM | SPORTS

printer

বৰপেটাত জিলা পৰ্যায়ৰ ডবা প্রতিযোগিতা অনুষ্ঠিত

বৰপেটাত আজিৰে পৰা জিলা পৰ্যায়ৰ ডবা প্রতিযোগিতা অনুষ্ঠিত হৈছে। ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ পূৰ্বে অনুষ্ঠিত এই প্রতিযোগিতাত আজি ৫টা শাখাত অনুষ্ঠিত হয়। বৰপেটাৰ লালবাহাদুৰ শাস্ত্রী পুথিভঁড়ালত ৭ বছৰ অনুৰ্ধ, ৯ বছৰ, ১১ বছৰ, ১৩ বছৰ আৰু ১৫ বছৰ অনুৰ্ধ্বৰ ল’ৰা-ছোৱালীৰ মাজত আজি এই প্রতিযোগিতাৰ আয়োজন কৰা হয়। আটাইকেইটা শাখাত জিলাখনৰ কমেও কুৰি গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰে। এই প্ৰতিযোগিতাৰ বিজয়ীসকলে গুৱাহাটীত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্রতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।

অধিক পঢ়ক

সকলো চাওক